ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে আহ্বান জনোৱা দেশৰ দ্বিতীয় পৰ্যায়ৰ ১৮।দিনৰ 'লকডাউন' শেষ হ'বলৈ বাকী এটা সপ্তাহ।পুনৰ লকডাউন বৃদ্ধি কৰা হ'ব নে নহয়, দেশৰ লগতে ৰাজ্যবাসীৰ মাজত ব্যাপকভাৱে চর্চা অব্যাহত থকাৰ সময়তে দেশৰ বহুকেইখন ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰক দেশত লকডাউন বৃদ্ধি কৰাৰ আহ্বান জনাইছেে।
দিল্লী চৰকাৰে দেশক ক'ৰ'নাৰ পৰা ৰক্ষা কৰাৰ বাবে লকডাউন ১৬ মে'লৈকে বৃদ্ধিৰ পৰামৰ্শ আগবঢ়াইছে।
দিল্লীৰ চৰকাৰে গঠন কৰি দিয়া ক'ৰ'নাৰ সংক্ৰমণ প্ৰতিৰোধ কমিটীয়ে নিৰ্দিষ্ট তাৰিখৰ সৈতে পৰামৰ্শ আগবঢ়োৱাৰ বিপৰীতে লকডাউন বৃদ্ধিৰ আহ্বান জনাইছে অন্য ভালেকেইখন ৰাজ্যই।দেশৰ সৰ্বাধিক আক্রান্ত ৰাজ্য মহাৰাষ্ট্ৰ,গুজৰাটৰ সমান্তৰালকৈ তামিলনাডু,কৰ্ণাটক,হাৰিয়ানা,হিমাচল প্ৰদেশ,অন্ধ্ৰপ্ৰদেশ,পঞ্জাব,ওড়িশা, পশ্চিম বংগ, মধ্যপ্ৰদেশ চৰকাৰে লকডাউন বৃদ্ধিৰ আহ্বান জনাইছে।
ইফালে তেলেংগানা ৰাজ্য চৰকাৰে নিজাকৈ বৃদ্ধি কৰিছে লকডাউন।
আনহাতে,বৰ্তমান সময়লৈকে কেৰেলা,বিহাৰ আৰু অসম চৰকাৰে বৰ্তমানলৈকে লকডাউন বৃদ্ধিৰ বাবে কোনো প্ৰস্তাৱ দিয়া নাই কেন্দ্ৰীয় চৰকাৰক।
গুৰুত্বপূৰ্ণ যে সোমবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে লকডাউন বৃদ্ধি কৰা-নকৰা সন্দৰ্ভত বৈঠকত মিলিত হ'ব।তাতে চূড়ান্ত হ'ব লকডাউন বৃদ্ধি কৰা-নকৰাটো।
- Log in to post comments
- 81 views