'লকডাউন'ৰ সময়ত ৰাজ্যৰ পৰিবহণ বিভাগে কৰা কামৰ খতিয়ান দাঙি ধৰিলে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।দিছপুৰৰ জনতা ভৱনত দেওবাৰে এখন সংবাদ মেল সম্বোধন কৰি মন্ত্ৰী পাটোৱাৰীয়ে কয়-"মুখ্যমন্ত্ৰী সোণোৱালৰ নেতৃত্বত ৰাজ্যৰ সকলো বিভাগে ক'ৰ'না বিৰোধী যুঁজত 'টীম আসাম' হৈ কাম কৰি আছে।মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিটো বিভাগৰ কাম তদাৰক কৰিছে।"
যোৱা ২২ মার্চ অৰ্থাৎ 'জনতা সান্ধ্য আইন'ৰ পৰা ৰাজ্যৰ পৰিবহণ বিভাগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা বুলি উল্লেখ কৰি মন্ত্ৰী পাটোৱাৰীয়ে কয়-"২৪-২৮ মার্চলৈ বিশেষ বিমান আৰু ট্ৰেইনৰ জৰিয়তে ৰাজ্যলৈ অহা ২৮ হাজাৰ যাত্ৰীক পৰিবহণ বিভাগে বিভিন্ন ঠাইলৈ প্ৰেৰণ কৰিছে।চাৰিজন তেনেদৰে অহা ব্যক্তিক থ'বলৈ কৰিমগঞ্জলৈ পৰিবহন বিভাগে এখন বাছ প্ৰেৰণ কৰিছিল।"
ৰাজ্যত যাতে খাদ্য-সামগ্ৰী নাটনি নহয়,তাৰ বাবে ৩৫৭খন ৰেলগাড়ীৰ জড়িয়তে শনিবাৰৰ দিনটোলৈ খাদ্য-সামগ্ৰী আমদানি কৰা হৈছে।ৰাজ্যৰ১৮খন জিলাৰ ২৮ঠাইত সামগ্ৰীসমূহ আনলোড কৰা হৈছে।আনলোড কৰাৰ কাৰ্যত ৩৩হাজাৰ শ্ৰমিক জড়িত থকাৰ কথা মন্ত্ৰী পাটোৱাৰীয়ে কয়।তেওঁ লগতে কয় যে খাদ্য-সামগ্ৰী আমদানি কৰাৰ বাবে পৰিবহণ বিভাগে ১৫হাজাৰ ট্ৰাকৰো ব্যৱস্থা কৰিছে।ইতিমধ্যে ৪৪হাজাৰ ৬২৪ট্ৰিপচ অসমলৈ খাদ্য-সামগ্ৰী আহিছে।তাৰ পৰা ৰাজ্যৰ পৰিবহণ বিভাগে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহলৈ প্ৰেৰণ কৰিছে খাদ্য-সামগ্ৰী।মণিপুৰ-নাগালেণ্ডলৈ ট্ৰাকৰ জৰিয়তে পৰিবহণ বিভাগে সৰবৰাহ কৰিছে ঔষধ।
অসম চৰকাৰৰ তৰফৰ পৰা ৰাজ্যৰ ভিতৰত আৱদ্ধ হৈ থকা ব্যক্তিসকলক নিজ নিজ ঠাইলৈ প্ৰেৰণ কৰাৰ বাবে আন্ত:জিলা বাছ সেৱা আৰম্ভ কৰিছিল।প্ৰথম দিনটোত পৰিবহণ বিভাগে ৩০০খন বাছৰ জৰিয়তে ৫ হাজাৰ যাত্ৰীক বিভিন্ন জিলালৈ প্ৰেৰণ কৰিছে।ইফালে,আজিও ৬৮৭খন বাছৰ জৰিয়তে ১১৩৪৭জন যাত্ৰীক প্ৰেৰণ কৰা হ'ব নিজ নিজ জিলালৈ।এই কথা জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।
গুৰুত্বপূৰ্ণ যে ১০৪ ৰ জৰিয়তে বিভিন্ন জিলাত আৱদ্ধ হৈ থকা ৪১ হাজাৰ যাত্ৰীয়ে নাম পঞ্জীয়ন কৰিছিল।নাম পঞ্জীয়ন কৰা সকলো ব্যক্তিক পৰিবহণ বিভাগে লৈ যাব বুলি জানিবলৈ দিয়ে।
এই সমূহৰ উপৰিও ২২মার্চৰ পৰা পুলিচ-জিলা প্ৰশাসনৰ বাবে পৰিবহণ বিভাগে যোগান ধৰি আহিছে ২০০খন বাছ।এই তথ্য প্ৰকাশ কৰে মন্ত্ৰী পাটোৱাৰীয়ে।
- Log in to post comments
- 51 views