'লকডাউন'ৰ মাজতে ৰাজ্য চৰকাৰৰ বিশেষ আন্ত:ৰাজ্যিক বাছ সেৱা আৰম্ভ।গুৱাহাটীৰ গড়চুকস্থিত আন্ত:ৰাজ্যিক বাছ আস্থানৰ পৰা আজি ১৭২৪জন যাত্ৰীক লৈ ২৮জিলালৈ ৰাওনা হৈছে ৰাজ্যিক পৰিবহণ নিগমৰ বিশেষ বাছসমূহ।উল্লেখ যে গুৱাহাটীৰ পৰা ন্যূনতম ২০০কিঃমিঃ দূৰৰ লকডাউনত আৱদ্ধ হৈ থকা যাত্ৰীসকলক লৈ ৰাওনা হৈছে বাছসমূহ।
ৰাজ্য চৰকাৰে ব্যৱস্থা কৰা বিশেষ বাছ সেৱাত যাত্ৰাৰ পূৰ্বে যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ছেনিটাইজ কৰা হৈছে।যাত্ৰীসকলে মাক্স আৰু হেণ্ড গ্লোভচ পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে।
গুৱাহাটীত আৱদ্ধ হৈ থকা যাত্ৰীসকলক ৰাজ্যিক পৰিবহণ নিগমৰ ৩০খনকৈ চিটী বাছৰ জড়িয়তে পল্টন বজাৰ,আদাবাৰী, জালুকবাৰী আদিৰ পৰা আইএছবিটি লৈ নিয়া হয়।তাৰ পৰা যাত্ৰীসকলক নিজ নিজ স্থানলৈ পৰিবহণ নিগমৰ নিৰ্ধাৰিত দূূৰণিৱতীয়া বাছৰ জৰিয়তে যাত্ৰীসকলক লৈ যোৱা হয়।
ইফালে,যাত্ৰাৰ সময়ত যাত্ৰীসকলে পালন কৰিব লগা কিছু-নীতি নিয়ম সম্পূৰ্ণকৈ বুজাই দিয়া হৈছে।লগতে বাছৰ সময়ত যাত্ৰীসকলক সামাজিক দূৰত্ব মানি চলি বহাৰ ব্যৱস্থা কৰিছে।অৰ্থাৎ এখন বাছত মুঠ বহন ক্ষমতাৰ আধা সংখ্যক যাত্ৰীকহে যাবলৈ দিয়া হৈছে।
গুৰুত্বপূৰ্ণ যে বাছসমূহৰ পৰা যাতে কোনো কাৰণত ক'ৰনা সংক্ৰমণ হ'ব নোৱাৰে,তাৰ বাবে বাছসমূহৰ ভিতৰত চাফ-চিকুণ আৰু ছেনিটাইজা কৰা হৈছে।
উল্লেখ্য যে ২৭এপ্ৰিললৈ চলাচল কৰিব বাছসমূহ।তাৰ বাবে ইতিমধ্যে সমগ্ৰ ৰাজ্যত ৪১,৬৯০জন ব্যক্তিয়ে আবেন কৰিছে।
- Log in to post comments
- 31 views