ৰেড জ'নৰ বাহিৰে সমগ্ৰ দেশত আজিৰে পৰা মুকলি হ'ব দোকানসমূহ:বন্ধ থাকিব বজাৰ,জিম,শ্ব'পিং মল-কমপ্লেক্স

Pic

'লকডাউন'ৰ মাজতে আহিছে এটা ভাল খবৰ।কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ নির্দেশনা অনুসৰি আজিৰে পৰা অৰ্থাৎ শনিবাৰৰ পৰা দেশত মুকলি কৰিব পাৰিব দোকানসমূহ।শুকুৰবাৰে নিশা দেশৰ গৃহ মন্ত্ৰণালয়ে জাৰি কৰা নিৰ্দেশনাত স্পষ্টভাৱে উল্লেখ আছে-'শনিবাৰে পুৱাৰে পৰা দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশত পঞ্জীয়নভুক্ত সকলো দোকান খুলিব পাৰিব।কিন্তু,শ্ব'পিং মল,জিম অথবা শ্ব'পিং কমপ্লেক্স আদি প্ৰতিষ্ঠানসমূহ লকডাউন শেষ নোহোৱা পৰ্যন্ত বন্ধ ৰাখিব লাগিব।'

Pic

ইফালে,গৃৃৃহ মন্ত্ৰণালয়ে জাৰি কৰা নির্দেশনাটোত মুকলি কৰিব লগা দোকানসমূহৰ বাবে বান্ধি দিছে কেইটামান কঠোৰ নিৰ্দেশনা।সেই অনুসৰি দোকানীসকলে দোকানসমূহত ৰাখিব লাগিব ৫০শতাংশ কৰ্মচাৰী।লগতে পালন কৰিব লাগিব সামাজিক দূৰত্ব।

গ্ৰাহক,দোকানী তথা কৰ্মচাৰী সকলোৱে মাস্ক পৰিধান কৰাটো জৰুৰী।কেন্দ্ৰীয় নিৰ্দেশনাত উল্লেখ আছে।


উল্লেখ্য যে দোকানসমূহ খুলি দিয়া হৈছে যদিও বজাৰসমূহ সম্পূৰ্ণৰূপে বন্ধ থাকিব।গতিকে, ৩ মে’ পৰ্যন্ত দেশত যাতে কোনো বজাৰ নবহে,তাৰ প্ৰতি চকু ৰাখিবলৈ প্ৰশাসনক নিৰ্দেশনা প্ৰদান কৰিছে।


ইফালে,সমগ্ৰ দেশতে দোকানসমূহ মুকলি কৰা হৈছে যদিও ক'ৰ'না সংক্ৰমণৰ কেন্দ্ৰ তথা ৰে'ডজন তালিকাত অন্তৰ্ভুক্ত কৰা অঞ্চলসমূহত কোনো দোকান-পোহাৰ খোলাৰ অনুমতি প্ৰদান কৰা হোৱা নাই বুলি নিৰ্দেশনাটোত উল্লেখ আছে।

গুৰুত্বপূৰ্ণ যে যোৱা ২৪ মার্চৰ পৰা সমগ্ৰ দেশত বন্ধ হৈ আছে দোকানসমূহ।

Your Comments