ৰাজ্যবাসীৰ বাবে স্বাস্থ্য বিভাগে শুকুৰবাৰৰ পৰা আৰম্ভ কৰিলে 'ধন্বন্তৰী আঁচনি'।ক'ৰ'নাৰ বাবে চলি থকা 'লকডাউন'ৰ সময়ত যিসকল ৰোগীয়ে ১০কিঃমিঃ ভিতৰত প্ৰয়োজনীয় ঔষধ পোৱা নাই,সেইসকল ৰোগীক সহায় কৰাৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে আৰম্ভ কৰিছে 'ধন্বন্তৰী আঁচনি'।এই কথা ঘোষণা স্বাস্থ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ।ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কাৰ্যালয়ত এক সংবাদমেলত মন্ত্ৰী শৰ্মাই কয় ইতিমধ্যে অসম আৰক্ষীয়ে ৰাজ্যৰ ৪৮০০জন ব্যক্তিক লকডাউনৰ সময়ত যোগান ধৰিছে ঔষধ।সেই কথালৈ লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে আৰম্ভ কৰিছে এই আঁচনি।কোনো ৰোগীয়ে যদি নিজৰ অঞ্চলৰ ফাৰ্মাচী অথবা ১০কিঃমিঃৰ ভিতৰত প্ৰয়োজনীয় ঔষধ নাপায়,সেইসকলক এই আঁচনিৰ জৰিয়তে ঘৰত যোগান ধৰা হ'ব ঔষধ।তাৰ বাবে স্বাস্থ্য বিভাগৰ ১০৪নম্বৰত ফোন কৰিব লাগিব।
গুৰুত্বপূৰ্ণ যে মন্ত্ৰী শৰ্মাই প্ৰকাশ কৰা অনুসৰি যদি ঔষধটোৰ দাম ২০০টকাৰ ভিতৰত হয় তেন্তে স্বাস্থ্য বিভাগে বিনামূলীয়াকৈ ঘৰত দি আহিব ঔষধ।একেদৰে তাৰ ওপৰত হ'লে ব্যক্তিগৰাকীয়ে ঔষধ দিবলৈ যোৱা স্থানীয় আশাকর্মী গৰাকীক দিব লাগিব প্ৰয়োজনীয় টকা।ৰাজ্যৰ স্বাস্থ্য বিভাগে আঁচনিৰ বাবে ৰাজ্য চাৰি হাজাৰ আশাকর্মীক প্ৰদান কৰিছে দায়িত্ব।
মন্ত্ৰী শৰ্মাই উল্লেখ কৰা মতে প্ৰয়োজনীয় ঔষধ যদি নিজ জিলাতে লাভ কৰে,তেন্তে তাৰ বাবে ২৪ ঘণ্টাৰ প্ৰয়োজন হ'ব।ৰাজ্যৰ ভিতৰত অন্য জিলাৰ পৰা ক্ৰয় কৰিবলৈ হ'লে প্ৰয়োজন হ'ব ৪৮ঘণ্টা আৰু ৰাজ্যৰ বাহিৰৰ পৰা আনিবলৈ হ'লে এসপ্তাহৰ সময় প্ৰয়োজন হ'ব।
- Log in to post comments
- 12 views