'লকডাউন'ৰ মাজতে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত বৃহস্পতিবাৰে গুৱাহাটীৰ চানমাৰিত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা,চমুকৈ 'নিয়া'ৰ বিশেষ আদালতত হাজিৰ কৰোৱা হয় কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টা অখিল গগৈ,সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালক।চাবুৱা থানাই 'নিয়া'লৈ হস্তান্তৰ কৰা গোচৰৰ ভিত্তিত বিশেষ আদালতত হাজিৰ কৰোৱা হয় কৃষক নেতা অখিলক।'নিয়া'ৰ ০১/২০২০নম্বৰ গোচৰৰ ভিত্তিত আদালতত হাজিৰ কৰোৱাৰ সময়ত কৃষক নেতা অখিল গগৈয়ে কয়-"সাংঘাতিক ধৰণৰ যন্ত্ৰণাত আছোঁ।অসমবাসী ৰাইজ বেমাৰৰ পৰা বাচি থাকক,সাৱধানতা অৱলম্বন কৰক।"
"তিনিটা গোচৰ মোৰ ওপৰত নতুনকৈ জাপি দিয়া হৈছে।'নিয়া'ৰ এটা নতুন গোচৰ জাপি দিয়া হৈছে"-গগৈয়ে কয়।
পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিলৈও মত প্ৰকাশ কৰি গগৈয়ে কয়-"পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি হ্ৰাস কৰিব লাগে।বৰ্হিৰাজ্যত আবদ্ধ হৈথকা ৪-৫লাখ লোকক,বিশেষকৈ যুৱকসকলক ঘূৰাই অনাৰ ব্যৱস্থা কৰিব লাগে।প্ৰতিটো পৰিয়ালক ক্ষতিপূৰণ দিব লাগে।"
আনহাতে আন এজন কাৰাৰুদ্ধ নেতা ধৈৰ্য কোঁৱৰে কয়-"বিশ্বৰ বজাৰত খাৰুৱা তেলৰ দাম হ্ৰাস পোৱাৰ পিছতো চৰকাৰে অসমত খাৰুৱা তেলৰ দাম বৃদ্ধি কৰিছে,এয়া হঠকাৰী সিদ্ধান্ত।অসমৰ জনতাক হাৰাশাস্তি কৰা হৈছে।"
- Log in to post comments
- 31 views