'লকডাউন'ৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ নির্দেশ মৰ্মে গুৱাহাটীৰ কিতাপৰ দোকান খোলাৰ বাবে কামৰূপ(ম) জিলা প্ৰশাসনে জাৰি কৰিলে নিৰ্দেশনা।মহানগৰীত কিতাপৰ দোকান মুকলি কৰাৰ সময়ত পালন কৰিব লগা প্ৰশাসনৰ নীতি-নিয়মসমূহ হৈছে-"ছাত্ৰ-ছাত্ৰীৰ বাবে খুলিব পাৰিব কিতাপ দোকানসমূহ"।
"হোম ডেলিভাৰীৰ ব্যৱস্থা কৰিব লাগিব কিতাপৰ দোকানসমূহে"।
"কোনো অভিভাৱক তথা ছাত্ৰ-ছাত্ৰীয়ে কিতাপ ক্ৰয় কৰাৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব যান-বাহন।"
"ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলে কিতাপ ক্ৰয় কৰিবলৈ আহোঁতে কোনোধৰণ অনুজ্ঞাপত্ৰ ল'ব নালাগে বা প্ৰশাসনৰ ফালৰ পৰাও প্ৰদান কৰা নহ'ব।"
ইয়াৰ উপৰিও কিতাপ ক্ৰয় কৰিবলৈ যাওঁতে মানি চলিব লাগিব সামাজিক দূৰত্বৰ নিয়ম।লগতে,কৰ্মচাৰীসকলে মাক্স ব্যৱহাৰ কৰাৰ উপৰিও থাকিব লাগিব ছেনিটাইজাৰৰ ব্যৱস্থা।
জিলা প্ৰশাসনে বান্ধি দিয়া সময় অনুসৰি পুৱা ১০ বজাৰ পৰা আবেলি ৫ বজালৈ খুলিব পাৰিব ষ্টলসমূহ।
একেদৰে বুকষ্টলৰ কৰ্মচাৰীসকলে যান-বাহন লৈ আহিলে দেখুুৱাব লাগিব পৰিচয়-পত্ৰ।
এইসমূহ নিৰ্দেশনা মানি চলি কামৰূপ(ম) জিলাত খুলিব পাৰিব কিতাপৰ দোকানসমূহ।
- Log in to post comments
- 17 views