"শিক্ষক-কৰ্মচাৰীক সম্পূৰ্ণ দৰমহা প্ৰদান কৰি মার্চ-এপ্ৰিলৰ ৫০% মাচুলহে ল'ব লাগিব ৰাজ্যৰ ব্যক্তিগত বিদ্যালয়ে"

Pic

'লকডাউন'ৰ বাবে ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ সকলো বিদ্যালয়লৈ ৰাজ্যৰ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।শিক্ষামন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলৰ জৰিয়তে ঘোষণা কৰিলে এই কথা।কোনো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে মার্চ আৰু এপ্ৰিল মাহৰ মাচুল ১০০% ল'ব নোৱাৰিব।শিক্ষা বিভাগৰ নির্দেশ অনুসৰি ৫০% শতাংশহে মাহেকীয়া মাচুল ল'ব লাগিব বিদ্যালয়সমূহে।যিসমূহ বিদ্যালয়ে ইতিমধ্যে মার্চ মাহৰ ১০০%মাচুল সংগ্ৰহ কৰিছে,সেইসমূহ বিদ্যালয়ে মে' মাহৰ মাচুল মিলাই ল'ব লাগিব।

গুৰুত্বপূৰ্ণ যে উক্ত সময়ছোৱাত শিক্ষক-কৰ্মচাৰীসকলৰ দৰমহা কোনো বিদ্যালয়ে কৰ্তন কৰিব নোৱাৰিব।মন্ত্ৰী ড: শৰ্মাই কয়।

উল্লেখ্য যে চৰকাৰৰ অনুমোদন নোপোৱালৈকে কোনো বিদ্যালয়ে বৃদ্ধি কৰিব নোৱাৰিব মাচুল।যিসমূহ শিক্ষা অনুষ্ঠানে নিৰ্দেশনাসমূহ অৱজ্ঞা কৰিব,সেই বিদ্যালয়ৰ বিৰুদ্ধে দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত লোৱা হ'ব ব্যৱস্থা।

উল্লেখযোগ্য যে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ অনুমোদন ক্ৰমে এই ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে মন্ত্ৰী শৰ্মাই।

Your Comments