ক'ৰ'না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে আহ্বান জনোৱা লকডাউনে খালি কৰিলে ৰাজ্যৰ ৰাজকোষ।সোমবাৰে বিত্তমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ অৰ্থনৈতিক সংকটৰ ইংগিত দিয়াৰ পিছতে ৰাজ্য চৰকাৰে মঙলবাৰে ৰাজকোষত দেখা
দিয়া বিত্তীয় সংকটৰ জোৰা মাৰিবলৈ গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত।জনতাক মাধমাৰ সোধাই লকডাউনৰ মাজতে ৰাজ্যত প্ৰতিলিটাৰ পেট্ৰ'ল-ডিজিলত পাঁচ টকাকৈ মূল্য বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
গুৰুত্বপূৰ্ণ যে আন্ত:ৰাষ্ট্ৰীয় বজাৰত লকডাউনৰ বাবে ইতিমধ্যে দ্ৰুত গতিত হ্ৰাস পাইছে খাৰুৱা তেলৰ মূল্য।তাৰ পিছত ৰাজ্যৰ জনতাক মাধমাৰ সোধাই সোণোৱাল চৰকাৰে পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি কৰিবলৈ লোৱা সিদ্ধান্তই সকলোকে আচম্বিত কৰি তুলিছে।
উল্লেখ্য যে বৰ্তমান গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ দাম ৭১.৬১ টকা আৰু ডিজেলৰ মূল্য ৬৫.০৭ টকা।
- Log in to post comments
- 14 views