ৰাজ্যবাসীৰ সঁহাৰিত 'অসম আৰোগ্য নিধি'ত জমা হ'ল ১০০ কোটি টকা

Pic

চৰকাৰৰ মহামাৰী ক'ৰ'না বিৰোধী যুঁঁজলৈ ৰাজ্যবাসীৰ ব্যাপক সঁহাৰি।বিপদৰ সময়ত দল-মত নির্বিশেষে সকলোৱে সহায় কৰিছে ৰাজ্যৰ সোণোৱাল চৰকাৰক।তাৰ প্ৰমাণ পোৱা গ'ল 'অসম আৰোগ্য নিধি'ত জমা হোৱা পুঁজিৰ জড়িয়তে। অসম আৰোগ্য নিধিলৈ ৰাইজৰ অনুদানে ইতিমধ্যে ১০০ কোটি টকা অতিক্ৰম কৰিলে।৪৬,৪৭০ গৰাকী ব্যক্তিয়ে আগবঢ়োৱা অনুদানেৰে ইতিমধ্যে অসম আৰোগ্য নিধিত জমা হৈছে ১০০.৫০কোটি টকা।এই কথা প্ৰকাশ কৰিছে ৰাজ্যৰ বিত্ত তথা স্বাস্থ্য মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই।

Your Comments