ৰাজ্যত মঙলবাৰৰ পৰা কি কি ক্ষেত্ৰত শিথিল হ'ব লকডাউন!সম্পূৰ্ণকৈ পঢ়ক...

Pic

মঙলবাৰৰ পৰা ৰাজ্যত কিছু শিথিল হ'ব 'লকডাউন'।এই কথা ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই এক সংবাদ মেল সম্বোধন কৰি প্ৰকাশ কৰিলে।অসম প্ৰশাসনীয় পদাধিকাৰীৰ মহাবিদ্যালয়ত সংবাদ মেল সম্বোধন কৰি মুখ্য সচিবগৰাকীয়ে কয়-'সচিবালয়ত আৰম্ভ হ'ব কাম-কাজ।প্ৰথম আৰু দ্বিতীয় বৰ্গৰ সকলো কৰ্মচাৰী উপস্থিত থকাৰ বিপৰীতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী উপস্থিত থাকিব পাৰিব ৩০শতাংশ।উপস্থিত থাকিব লগা কৰ্মচাৰীসকলক বিভাগৰ মুৰব্বীসকলে নিৰ্বাচিত কৰিব।উল্লেখ যে সচিবালয়ৰ কৰ্মচাৰীৰ বাবে বাছৰ ব্যৱস্থা কৰা হৈছে।মহানগৰীৰ বিভিন্ন স্থানৰ পৰা পৰিবহণ নিগমৰ নিৰ্দিষ্ট বাছসমূহ কৰ্মচাৰীৰ বাবে চলাচল কৰিব।

গুৰুত্বপূৰ্ণ যে সচিবালয়ৰ কাম-কাজ আৰম্ভ হ'লেও কেৱল কৰ্মচাৰীৰ বাহিৰে বাহিৰৰ কোনো লোক বা বিষয়া সচিবালয়লৈ আহিব নোৱাৰিব বুলি মুখ্য সচিবগৰাকীয়ে কয়।কাৰোবাৰ যদি কিবা কাম সম্পূৰ্ণ হোৱা নাই তেন্তে  কণ্ট্ৰোল ৰূমৰ জৰিয়তে অৱগত কৰিব লাগিব।

বিষয়া-কৰ্মচাৰীয়ে কার্যালয়লৈ আহোঁতে নিজৰ পৰিচয়-পত্ৰ লৈ আহিব।কাৰণ আমি নিবিচাৰো কোনোবাই কাৰ্যালয়ৰ লকডাউন ভংগ কৰাটো।

সংবাদ মেলত প্ৰকাশ কৰা অনুসৰি সচিবালয়ৰ লগতে আন সকলো কাৰ্যালয়ত কৰ্মচাৰীসকলে সামাজিক ব্যৱধান ৰাখি মাস্ক পৰিধান কৰি থাকিব লাগিব।লগতে হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰি থাকিব লাগিব।


ভাৰত চৰকাৰৰ নীতি অনুসৰি কৃষি কৰ্মৰ লগতে গ্রাম্য অৰ্থনীতিৰ লগত জড়িত কাম-কাজসমূহৰ ওপৰত কোনো বাধা নাথাকিব। কৃষি কাৰ্যৰ লগত জড়িত সকলো কাম-কাজ তেওঁলোকে কৰিব পাৰিব।তাতো সামাজিক দূৰত্ব মানি চলিব লাগিব।

ঔদ্যোগিক কাম-কাজসমূহৰ ক্ষেত্ৰত সকলো জিলা উপায়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰা বুলি উল্লেখ কৰি মুখ্য সচিবে কয়-"অত্যাৱশ্যকীয় সামগ্ৰী উৎপাদনকাৰী উদ্যোগ,যেনে খাদ্য-সামগ্ৰী উৎপাদনৰ লগত জড়িত উদ্যোগ,ঔষধ,স্বাস্থ্য সেৱা,আইটি হাৰ্ডৱে,পেকেজিং মেটেৰিয়েল, নিৰ্মাণ,বীজ প্ৰস্তুত আদি উদ্যোগসমূহে কাম আৰম্ভ কৰিব পাৰিব।তাৰ বাবে জিলা উপায়ুক্তসকলক পালন কৰিব লগা সকলোবোৰ নীতি-নিৰ্দেশনা পালন কৰিম বুলি পত্ৰ দিব লাগিব"।লগতে সেই উদ্যোগসমূহক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনায় মুখ্য সচিব গৰাকীয়ে কয়-"উদ্যোগসমূহত কাম কৰা শ্ৰমিকসকলক এটা নিৰ্দিষ্ট ঠাইত ৰখাৰ ব্যবস্থা কৰিব লাগে।যদি সম্ভৱ হয়,কাম কৰা উদ্যোগৰ ভিতৰতে ৰখাৰ ব্যৱস্থা কৰিব লাগে।যাতে তেওঁলোকে বেলেগ ব্যক্তিৰ সংস্পৰ্শলৈ আহিব নোৱাৰে।কাম কৰিব,পুনৰ নিৰ্দিষ্ট ঠাইলৈ উভতি যাব।বাছৰ জৰিয়তে অনা-নিয়াৰ ব্যৱস্থা কৰিব লাগিব।২৩০ টা খাদ্য প্ৰস্তুত কৰা উদ্যোগ ৰাজ্যত খোলা থাকিব।"

অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত ই-কমাৰ্চ ব্যৱস্থা থাকিব।সকলো স্বাস্থ্য সেৱা ব্যৱস্থা মুকলি কৰা হৈছে। গাখীৰৰ  সম্পূৰ্ণ যোগান মুকলি থাকিব।গোশালাৰ ওপৰতো নাথাকিব বাধা।


ইটা ভাটাৰ ৰৈ যোৱা কামসমূহ কৰিব পাৰিব।কাৰণ বাৰিষা অহাৰ লগে লগে বন্ধ হ'ব কামসমূহ।

পানী আৰু জলসিঞ্চনৰ লগত জড়িত কোনো কামত বাধা নাথাকে।

চাহ উদ্যোগ আৰু খনিৰ কামসমূহ সম্পূৰ্ণ আৰম্ভ হ'ব।
 
লকডাউনৰ সময়তে ৰাজ্যৰ ভিতৰত এদিনৰ বাবে বিভিন্ন স্থানত থকা শ্ৰমিকসকলক ঘৰলৈ আহিবলৈ ব্যৱস্থা কৰিব প্ৰশাসনে।যিসকলে নিজ নিজ ঠাইলৈ আহিব বিচাৰিব, তেওঁলোকক লৈ অহা হ'ব।অসমৰ
৯০০০শ্ৰমিক ৰাজ্যৰ বিভিন্ন স্থানতে আবদ্ধ হৈ আছে।একেদৰে ১৬৪১জন ঝাৰখণ্ড,মেঘালয়, ওড়িশাৰ অসমৰ বিভিন্ন জিলাত আৱদ্ধ হৈ থকা বুলি মুখ্য সচিব কৃষ্ণই কয়।


ইফালে,ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সপ্তাহত ৩ দিন ৩ঘন্টাৰ বাবে প্ৰয়োজনীয় পাঠ্যক্ৰমৰ কিতাপৰ বিপনীসমূহ খোলা থাকিব।

উল্লেখ যে এইসমূহৰ বাহিৰে বাকী সকলোতে অহা ৩ মে'লৈকে কঠোৰভাৱে কাৰ্যকৰী হৈ থাকিব লকডাউন।

Your Comments