ৰাজ্যত ১৮জনলৈ বৃদ্ধি পালে ক'ৰ'নাৰ পৰা আৰোগ্য হোৱা ব্যক্তি:১৫জন চিকিৎসাধীন

Pic

ভাল খবৰ।সোমবাৰে পুৱাই সোণাপুৰ অসামৰিক চিকিৎসালয়ত আন এগৰাকী ক'ৰ'না আক্রান্তক দিয়া হয় ৰিলিজ।নিজামুদ্দিনৰ সৈতে জড়িত থকা হজৰত আলী নামৰ ক'ৰ'না আক্রান্তগৰাকী সুস্থ হোৱাত সোমবাৰে যাবলৈ দিয়া হয় ঘৰলৈ।ৰোগীগৰাকীক দুবাৰকৈ পৰীক্ষাৰ কৰি ফলাফল ঋণাত্মক পোৱাত দিয়া হয় ৰিলিজ।

সুস্থ হৈ উঠা ৰোগীগৰাকীক স্বাস্থ্য মন্ত্ৰী  ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত দিয়া হয় ৰিলিজ।

উল্লেখ্য যে ৰাজ্যত মুঠ ৩৪জন ব্যক্তি আক্রান্ত হৈছিল ক'ৰ'নাত।তাৰে ১জন আক্রান্ত ব্যক্তিৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱাৰ বিপৰীতে ১৮গৰাকী এই পৰ্যন্ত সুস্থ হৈ উঠিছে।বৰ্তমান ১৫গৰাকী চিকিৎসাধীন হৈ আছে ৰাজ্যৰ বিভিন্ন মেডিকেলত।

Your Comments