'লকডাউন'ৰ সময়ত গুৱাহাটীবাসীক ঘৰে ঘৰে যোগান ধৰিব শাক-পাচলি:দায়িত্ব দিয়া হৈছে ভেণ্ডৰক

Pic

লকডাউন'ৰ সময়ত গুৱাহাটী মহানগৰীৰ জনতা কোনো কাৰণতে যাতে খাদ্য সামগ্ৰীৰ সমস্যাৰ সন্মুখীন নহয়,তাৰ বাবে গুৱাহাটী মহানগৰ জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ।মাছ,ছাগলী আৰু মুৰ্গী মাংসৰ পিছত এইবাৰ মহানগৰবাসীক শাক-পাচলি যোগান ধৰাৰ বাবে প্ৰশাসনৰ ফালৰ পৰা নিয়োগ কৰা হৈছে ভেণ্ডৰ।এই কথা এক নিৰ্দেশনাৰ জড়িয়তে প্ৰকাশ কৰিছে মহানগৰ জিলা প্ৰশাসনে।

নিৰ্দেশনাটোত প্ৰকাশ কৰা অনুসৰি দায়িত্ব লাভ কৰা ভেণ্ডৰসকলে ঘৰে ঘৰে গৈ যোগান ধৰিব লাগিব শাক-পাচলি।কোনো কাৰণত, পদপথ,বজাৰ আদিত কৰিব নোৱাৰিব বিক্ৰী।

Pic

ইয়াৰ উপৰিও কোৱা হৈছে যোগান ধৰা শাক-পাচলিসমূহ হ'ব লাগিব চাফ-চিকুণ।অনুজ্ঞাপত্ৰ-পত্ৰ থকা ভেণ্ডৰসকলৰ বাদে বাকীসকলে কৰিব এই সময়খিনিত পাচলি বিক্ৰী কৰিব নোৱাৰিব।

Pic

সমগ্ৰ মহানগৰীৰ বাবে মুঠ ৮ জন ভেণ্ডৰক দায়িত্ব প্ৰদান কৰিছে প্ৰশাসনে।দায়িত্ব লাভ কৰা ভেণ্ডৰসকলক শাক-পাচলি যোগান ধৰাৰ বাবে অঞ্চলসমূহ আৰক্ষী থানাৰ ওপৰত ভিত্তি কৰি নিৰ্ধধাৰণ কৰা হৈছে।

Your Comments