মহানগৰীৰ যুৱকে নিৰ্মাণ কৰিলে সম্পূৰ্ণ শৰীৰ ছেনিটাইজ কৰিব পৰা বিশেষ যন্ত্ৰ

Pic

মহামাৰী ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে জনসাধাৰণক মাস্ক,ছেনিটাইজাৰ আদি ব্যৱহাৰৰ বাবে সজাগ কৰিছে ৰাজ্য চৰকাৰে।তেনে সময়তে অসমৰ এজন প্ৰতিভাৱান যুৱকে নিৰ্মাণ কৰিছে এটা স্বয়ংক্ৰিয় ছেনিটাইজাৰ কেবিন।যিটো কেবিনত প্ৰৱেশ কৰাৰ লগে লগে আপোনাৰ সম্পূৰ্ণ দেহটো ছেনিটাইজাৰ হৈ পৰিব।নিৰ্মাণ কৰা যুৱকজন হৈছে হৰপ্ৰীত সিং।গুৱাহাটী বেহৰবাৰীস্থিত হেপী ইঞ্জিনাৰিং ৱৰ্কচৰ স্বত্বাধিকাৰী সিঙে নিজস্ব প্ৰচেষ্টাত সাজিছে বিশেষ যন্ত্ৰটো।গুৱাহাটী মহানগৰীৰ বশিষ্ঠ আৰক্ষী চকীত সিঙে নিৰ্মাণ কৰা ছেনিটাইজ কেবিন স্থাপন কৰা হৈছে।উল্লেখ যে বিশেষ কেবিনটোত মানুহ সোমাই গৈ এপাক ঘূৰি দিলে তৎক্ষণাত দেহটো হৈ পৰিব ছেনিটাইজ।সম্পূৰ্ণ    সাধাৰণভাৱে নিৰ্মাণ কৰা বিশেষ ছেনিটাইজ যন্ত্ৰটোত কৃষি পাম্প,লোহা,প্লাষ্টিক পাইপ ব্যৱহাৰ কৰা হৈছে।

Pic

ইফালে,প্ৰয়োজনীয় সামগ্ৰীসমূহ লাভ কৰিলে মহানগৰীৰ প্ৰতিখন থানাতে দিবলৈ চেষ্টা কৰিব সিঙে।এই কথা প্ৰকাশ কৰিছে তেওঁ।তাৎপয্যপূৰ্ণ যে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত এনেধৰণযৰ যন্ত্ৰ নিৰ্মাণ হৈছে যদিও অসমত এয়াই প্ৰথম।ইফালে,কোনোবাই যদি এনে যন্ত্ৰ নিৰ্মাণ কৰিবলৈ বিচাৰে অথবা নিৰ্মাণৰ  বাবে সহায়ৰ প্ৰয়োজন হয় তেনেহ'লে সিঙে সহায় কৰিব বুলি জানিবলৈ দিয়ে।

Your Comments