ৰাজ্যবাসীলৈ মহামাৰী ক'ৰ'নাৰ আতংকৰ মাজতে আছে এটা ভাল খবৰ।দেওবাৰে ৰাজ্যত পুনৰ পাঁচজন ক'ৰনা আক্রান্ত সুস্থ হৈ উঠিছে।গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা চাৰিজন আক্রান্ত সুস্থ হোৱাত স্বাস্থ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত দিয়া হয় ৰিলিজ।এই কেইজন হৈছে মহম্মদ শ্বাহৰুখ, মফিজুদ্দিন, জামিলা খাতুন আৰু মহম্মদ আশ্ৰফ আলী।এই কথা প্ৰকাশ কৰিছে মন্ত্ৰী শৰ্মাই।উল্লেখ যে ৰিলিজ দিয়া ব্যক্তিকেইজনক চাৰিবাৰকৈ কৰা হয় পৰীক্ষা।পৰীক্ষাৰ ফলাফল নিগেটিভ অহাত দিয়া হয় ৰিলিজ।এতিয়া তেওঁলোকে নিজ গৃহতে ১৪ দিন আছুতীয়াকৈ থাকিব লাগিব।মন্ত্ৰী শৰ্মাই লগতে কয়।
ইফালে,গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকা অন্য এগৰাকী আক্রান্ত জু-ৰোডৰ স্পেনিচ গাৰ্ডেন নিবাসী মনীষ টিব্ৰিৱালকো দিয়া হয় ৰিলিজ।
উল্লেখ যে এই পাঁচজনৰ সৈতে সুস্থ হৈ উঠা লোকৰ সংখ্যা ১৭ জনলৈ বৃদ্ধি পালে।১৬ জন আক্ৰান্ত চিকিৎসাধীন হৈ আছে।এজন আক্ৰান্তই ইতিমধ্যে মৃত্যুক আঁকোৱালি লৈছে।
- Log in to post comments
- 4 views