সমগ্ৰ দেশৰ লগতে মহামাৰী ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাজ্যত অব্যাহত আছে 'লকডাউন'।লকডাউনৰ বাবে দেশৰ লগতে ৰাজ্যত এতিয়া সৃষ্টি হৈছে চৰম সংকটৰ।এই সংকটে ৰাজ্যখনৰ ধনী,দুখীয়া, মধ্যবিত্ত-সমাজৰ সকলো শ্ৰেণীৰ ৰাইজকে চুই গৈছে।এই কথা উপলব্ধি কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাই ৰাজ্যৰ বিত্ত,স্বাস্থ্য তথা শিক্ষামন্ত্ৰীক জনাইছে গুৰুত্বপূৰ্ণ আহ্বান।সভাপতি বৰাই সামাজিক মাধ্যমৰ জৰিয়তে মন্ত্ৰী শৰ্মাক আহ্বান জনাই লিখিছে এইদৰে-"২০২০ চনৰ ডিচেম্বৰ মাহলৈকে অসমৰ সমূহ চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰী কঢ়িওৱা বাছৰ মাচুলৰ লগতে বিদ্যালয়ৰ মাচুলসমূহ ৰেহাই কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।"
সমান্তৰালকৈ 'লকডাউন'ৰ বাবে সৃষ্টি হোৱা বিভিন্ন সমস্যাৰ বাবে অসমৰ বাহিৰত আৱদ্ধ হৈ থকা অসমৰ ছাত্ৰ-ছাত্ৰীসকলক ৰাজ্য চৰকাৰে উত্তৰ প্ৰদেশ চৰকাৰৰ দৰে ৰাজ্যলৈ ঘূূূৰাই অনাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি বৰাই আহ্বান জনায়।
- Log in to post comments
- 87 views