মহানগৰীত কৰ্মৰত সাংবাদিকক গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ সাহায্য প্ৰদান

Pic

শনিবাৰে গুৱাহাটীত কৰ্মৰত বিভিন্ন সংবাদ  প্ৰতিষ্ঠানৰ অৰ্ধশতাধিক সাংবাদিক-সংবাদকৰ্মীক সাহায্য বিতৰণ।গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ গুৱাহাটীৰ মহানগৰ সমিতিয়ে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ কৰি সহায়ৰ হাত আগবঢ়ায় কৰ্তব্যৰত সাংবাদিকলৈ।উল্লেখ্য যে গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ গুৱাহাটী মহানগৰ সমিতিয়ে এই দুৰ্যোগৰ সময়ত মহানগৰীৰ বিভিন্ন আৰ্থিকভাৱে দুৰ্বল লোকসমূহক সহায় কৰি আহিছে।সংবাদকৰ্মীসকলক বিতৰণ কৰা খাদ্য সামগ্ৰীৰ ভিতৰত আছে চাউল,দাইল, মিঠাতেল,বিস্কুট,চাবোন,চাহপাত,চেনী ইত্যাদি। বিশিষ্ট সমাজসেৱক নুৰুল হক,এম এইচ চৌধুৰী,আজনুৰ আলী,চহিদ আলী আহমেদ আৰু সুৰেশ প্ৰসাদৰ অৰ্থ সাহায্যত  এই সাহায্য বিতৰণৰ  ব্যৱস্থা কৰে পৰিষদৰ  ভাৰপ্ৰাপ্ত সভাপতি ইছমাইল আলীয়ে।গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ  সাহায্য  বিতৰণত দিছপুৰ প্ৰেছ ক্লাবেও সহযোগিতাৰ আগবঢ়ায়।উল্লেখযোগ্য যে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৰ্মৰত আৰ্থিকভাৱে স্বচ্ছল নোহোৱা সাংবাদিক-সংবাদকৰ্মীসকলৈ সহায়ৰ হাত আগবঢ়াবলৈ দিছপুৰ প্ৰেছ ক্লাব আৰু জাৰ্ণেলিষ্ট এছ'চিয়েছন অব আসাম চমুকৈ 'জাফা'ই ৰাজ্যৰ দল-সংগঠনৰ প্ৰতি আহ্বান জনাইছে।

Your Comments