"ক'ৰ'নাৰ পৰা সুস্থ হৈ উঠাসকল আমাৰ বাবে সম্পদ,তেওঁলোকৰ প্লাজমা গুৰুত্বপূৰ্ণ"-মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা

Pic

ক'ৰ'না আতংকৰ মাজতে এটা ভাল খবৰ।ৰাজ্যত পুনৰ তিনিগৰাকী ক'ৰনা আক্রান্ত আক্রান্তক শনিবাৰে দিয়া হৈছে ৰিলিজ।গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা উত্তৰ প্ৰদেশৰ আক্রান্ত মহম্মদ আৰ্শ্বাদ আৰু মহম্মদ ৰিজুৱানক স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত দিয়া হৈছে ৰিলিজ।উল্লেখ্য যে অসমলৈ তবলিগৰ বাবে আহিছিল ব্যক্তি দুজন।তাৰ পিছতে ব্যক্তি দুগৰাকীৰ দেহত ক'ৰ'নাৰ উপস্থিতি ধৰা পৰাত যোৱা ৩১ মার্চত ভৰ্তি কৰোৱা হৈছিল এমএমচি মেডিকেলৰ আইচ'লেচন ৱাৰ্ডত।তাৰ পিছতে ১৪দিনতকৈ অধিক দিন চিকিৎসাৰ অন্তত ব্যক্তি দুজন সুস্থ হৈ উঠে।এই কথা উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰী ড:শৰ্মাই।

ইফালে,ৰিলিজ দিয়া ব্যক্তি দুজনৰ ঘৰ যিহেতু উত্তৰ প্ৰদেশত আৰু বৰ্তমান সময়ত দেশত যিহেতু সকলো যাতায়ত বন্ধ হৈ আছে, তাৰ বাবে চিকিৎসালয়ৰ ওচৰতে আশ্ৰয়ৰ ব্যৱস্থা কৰি দিয়া বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।গুৰুত্বপূৰ্ণ যে চিকিৎসালয়খনত সুস্থ দুগৰাকীৰ বাদ দি বৰ্তমান ১০জন চিকিৎসাধীন হৈ আছে।তাৰে ৪জনক অহা ২০এপ্ৰিলত ৰিলিজ দিব পৰা হ'ব বুলি উল্লেখ কৰে মন্ত্ৰী ড: শৰ্মাই।আনহাতে,শিলচৰ মেডিকেল কলেজ হাস্পতালতো আজি এগৰাকী আক্রান্তক দিয়া হ'ব ৰিলিজ।এই গৰাকী ৰোগীক ৰিলিজ দিলে ৰাজ্যত মুঠ সুস্থ ৰোগীৰ সংখ্যা হ'বলৈ ১২জন।এই কথা প্ৰকাশ কৰে মন্ত্ৰী শৰ্মাই।

"সুস্থ ৰোগীসকল এতিয়া আপোনাৰ-মোৰ দৰে মানুহ।আমাতকৈ তেওঁলোক শক্তিশালী।ৰোগ প্ৰতিৰোধৰ ক্ষমতা আমাতকৈ বহুত বেছি।সুস্থ হোৱাসকল আমাৰ বাবে সম্পদ।তেওঁলোকৰ প্লাজমাৰে এতিয়া আইচিইউত থকা ৰোগীক ভাল কৰিব পৰা গৈছে"- মন্ত্ৰী ড: শৰ্মাই কয়।

Your Comments