গুৱাহাটীবাসীয়ে ঘৰতে লাভ কৰিব ছাগলী,কুকুৰা আৰু কণী:দাম কিমান জানি লওক

Pic

'লকডাউন'ৰ সময়ত কামৰূপ(মহানগৰ)জিলা প্ৰশাসনে ৰাইজৰ বাবে ঘৰে ঘৰে যোগান ধৰাৰ ব্যৱস্থা কৰিছে মাংস-কণী।আছাম লাইভষ্ট’ক এণ্ড প’লট্রি কর্প’ৰেশ্যনে মহানগৰীৰ জনতাক এতিয়াৰে পৰা লকডাউনৰ সময়খিনিত ঘৰে ঘৰে গৈ যোগান দিব প্ৰয়োজনীয় মাংস-কণী।জিলা প্ৰশাসনৰ পৰা প্ৰকাশ পোৱা তথ্য অনুসৰি ছাগলী, মুর্গী আৰু কণীৰ যোগান  ধৰাৰ ব্যৱস্থা কৰা হৈছে।তাৰ বাবে বিভিন্ন অঞ্চলত প্ৰশাসনে  দায়িত্ব দিছে নিৰ্দিষ্ট ভেণ্ডৰক।জিলা প্ৰশাসনৰ ফালৰ পৰা দায়িত্ব লাভ কৰা ভেণ্ডৰসকলক কোৱা হৈছে যে যোগান ধৰা মাংস-কণী চাফ-চিকুণ হোৱাৰ লগতে বিজ্ঞানসন্মতভাৱে পেকিং কৰা হ'ব লাগিব।

আনহাতে,মাংস-কণীৰ বাবে জিলা প্রশাসনে  নিৰ্ধাৰণ কৰি দিছে  প্ৰতি কেজি ছাগলী মাংসৰ দাম ৬৫০ টকা,কুকুৰাৰ মাংসৰ দাম ২৪০ টকা আৰু প্রতি প্লেট কণীৰ মূল্য ১৪০টকা। 

Pic

গুৰুত্বপূৰ্ণ যে প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া মূল্যতকৈ কোনো ভেণ্ডৰে অধিক মূল্য যদি লয়,তেন্তে সেই ব্যক্তিৰ বিৰুদ্ধে প্রশাসনে বিহিত ব্যৱস্থা গ্রহণ কৰাৰ কথা প্ৰকাশ কৰিছে।উল্লেখ্য যে মহানগৰবাসীয়ে
মাংস-কণী লাভ কৰাৰ বাবে প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া ভেণ্ডৰসকলক ফোন কৰি অৰ্ডাৰ কৰিব লাগিব।

Your Comments