ৰাজ্যত 'লকডাউন' সফল কৰি ৰাইজক মহামাৰী ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰাৰ বাবে অসম আৰক্ষীয়ে গ্ৰহণ কৰিছে কেতবোৰ নতুন সিদ্ধান্ত।জনতাৰ সুৰক্ষাৰ বাবে কঠোৰ হৈছে অসম আৰক্ষী।শুকুৰবাৰে অসম আৰক্ষীৰ ফালৰ পৰা ঘোষণা কৰা হৈছে ৰাইজে পালন কৰিব লগা বহুকেইটা নতুন নিয়ম।অসম আৰক্ষীৰ আইন-শৃংখলা শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান জিপি সিঙে টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰা অনুসৰি এতিয়াৰে পৰা ঘৰৰ বাহিৰ ওলালে পিন্ধিব লাগিব মাস্ক।অৰ্থাৎ মাক্স পিন্ধাতো কৰা হৈছে বাধ্যতামূলক।
একেদৰে দুচকীয়া বাহনত এতিয়াৰে পৰা উঠিব পাৰিব এজনহে।কোনো কাৰণত দুজন যাব নোৱাৰিব দুচকীয়া বাহনত।সমান্তৰালকৈ ব্যক্তিগত চাৰিচকীয়া গাড়ীত চালকসহ এজন আৰোহী উঠিব পাৰিব।সেই ব্যক্তিগৰাকী বহিব লাগিব পিছৰ ছিটত।
ইয়াৰ উপৰিও ৰাজহুৱা স্থানত পিক্ পেলোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।এই নিয়ম সমূহ অমান্য কৰিলে কঠোৰ হ'ব আৰক্ষী।
তাৎপৰ্যপূৰ্ণভাৱে যে অহা ৩ মে'লৈকে চলিব লগা দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ বাবে ইতিমধ্যে কঠোৰ হৈছে আৰক্ষী।প্ৰধানমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি অহা ২০ এপ্ৰিললৈ অসম আৰক্ষীয়ে গ্ৰহণ কৰিছে কঠোৰ স্থিতি।
- Log in to post comments
- 100 views