মৰিগাঁও জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক ক'ৰ'না ভাইৰাছ আক্রান্তৰ সংস্পৰ্শলৈ অহাৰ খবৰ বিয়পি পৰাৰ পিছতে অধিক তৎপৰ হৈছে গুৱাহাটী মহানগৰ জিলা প্ৰশাসন।মৰিগাঁৱৰ পৰা গুৱাহাটীত প্ৰৱেশ কৰা যান-বাহনসমূহৰ ক্ষেত্ৰত তীক্ষ্ণ নজৰ ৰখাৰ বাবে ইতিমধ্যে নির্দেশ দিয়া হৈছে আৰক্ষীক।এতিয়াৰে পৰা প্ৰতিখন গাড়ীত তীক্ষ্ণ নজৰ থাকিব আৰক্ষীৰ।
ইফালে,মৰিগাঁৱৰ পৰা গুৱাহাটীত প্ৰৱেশ কৰা দুয়োটা পথতে আৰক্ষীৰ বিশেষ তালাচী গঢ়ি তোলা হৈছে।জিলাখনৰ পৰা অনা খাদ্য-সামগ্ৰীৰ ক্ষেত্ৰতো কঠোৰ সতৰ্কতা অৱলম্বন কৰিছে আৰক্ষীয়ে।এই কথা প্ৰকাশ কৰিছে গুৱাহাটী আৰক্ষীৰ আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই।
আনহাতে,মৰিগাঁও জিলা ঘটনাৰ সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত প্ৰকাশ কৰিছে।তেওঁ কৈছে-"নিয়ম অনুসৰি সকলোৰে নমুনা পৰীক্ষা কৰা হ'ব।বিয়লিৰ ভাগত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব।সংবাদ মাধ্যমক অপপ্ৰচাৰ নচলাবলৈ আহ্বান জনোৱা হৈছে।"
- Log in to post comments
- 16 views