'লকডাউন'ৰ সময়ত ৰাজ্যৰ জ্যেষ্ঠ নাগৰিকক সহায় কৰাৰ বাবে অসম আৰক্ষীৰ গুৰুত্বপূৰ্ণ পদক্ষেপ।আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যৰ জ্যেষ্ঠ নাগৰিকৰ বাবে মুকলি কৰা হ'ল হেল্পলাইন নম্বৰ।ক'ৰ'না মহামাৰীৰ দুৰ্যোগৰ সময়ত জ্যেষ্ঠ নাগৰিকসকলক যিকোনো সহায়ৰ বাবে অসম আৰক্ষীয়ে মুকলি কৰিছে চাৰিটাকৈ 'হেল্পলাইন নম্বৰ'।আৰক্ষীয়ে মুকলি কৰা হেল্পলাইন নম্বৰকেইটা হৈছে- ৬০২৬৯০০৯৭৪, ৬০২৬৯০০৯৭৫, ৯৪৩৫২১৫০২৯ আৰু ৯১৩২৬৯৯৭৩৫।জ্যেষ্ঠ নাগৰিকসকলে চিকিৎসা-ঔষধৰ পৰা আৰম্ভ কৰি সকলো সমস্যা এই নম্বৰত ফোন কৰি অৱগত কৰিলে অসম আৰক্ষীৰ তৰফৰ পৰা গাড়ী গৈ সহায় কৰিব জ্যেষ্ঠ ব্যক্তিজনক।
- Log in to post comments
- 18 views