ক'ৰ'না আতংকৰ মাজতে ৰাজ্যবাসীৰ বাবে আছে এটা ভাল খবৰ।গোৱালপাৰাৰ তিনিজন ক'ভিড-১৯ ৰোগীক হাস্পতালৰ পৰা বৃহস্পতিবাৰে দিয়া হৈছে ৰিলিজ।স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে পুৱা ১১ বজাত গোৱালপাৰা অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ বিগত ১৪টাকৈ দিন চিকিৎসাধীন হৈ থকা তিনিগৰাকী ক'ৰ'না আক্রান্তক ৰিলিজ দিয়ে।ড: শৰ্মাৰ লগত উপস্থিত আছিল ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা।
সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া ৰোগীকেইগৰাকী হৈছে ক্ৰমে কবিৰুদ্দিন আহমেদ (৪৫),শ্বাহজাহান আলী আহমেদ আৰু ইউছুফ আলী(১৮)।
উল্লেখ্য যে চিকিৎসকে দুবাৰকৈ তেওঁলোকৰ নমুনা পৰীক্ষা কৰিছিল।দুয়োবাৰৰ পৰীক্ষাতে তেওঁলোকৰ দেহত ক'ৰনা নিগেটিভ আহে। অনাহাতে ৰিলিজ দিয়া ব্যক্তিকেইজনক পুনৰ ১৪দিন কোৱাৰেন্টাইনত ৰখা হ’ব।
আনহাতে,বুধবাৰে সোণাপুৰ অসামৰিক চিকিৎসালয়ৰ পৰা দুজন আক্রান্তক ৰিলিজ দিয়া হৈছে।সেই অনুসৰি বৰ্তমান ৰাজ্যৰ মুঠ ৫ গৰাকী ৰোগী এই পৰ্যন্ত সুস্থ হৈ ঘৰলৈ উভতিছে।উল্লেখ্য যে ৰাজ্যত মুঠ ৩২ গৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে ক'ৰ'না ভাইৰাছ।তাৰে এজনৰ ইতিমধ্যে মৃত্যু হৈছে।
- Log in to post comments
- 38 views