পত্নীৰ মৰমৰ বিহুৱান পদূলিতে লৈ কৰ্তব্যলৈ উভতিছে আৰক্ষী বিষয়া পংকজ প্ৰতীম মহন্ত

Pic

মহামাৰী ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ঘোষণা কৰা 'লকডাউন' সফল কৰি ৰাইজক সুৰক্ষিত কৰাৰ বাবে এতিয়া ব্যস্ত ৰাজ্যৰ পুলিচ প্ৰশাসন।জনতাৰ স্বাৰ্থত হেঁপাহৰ বাপতিসাাহোন ৰঙালী বিহুত পৰিয়ালৰ সৈতে  থাকিব পৰা নাই ৰাজ্যত আৰক্ষীত কৰ্মৰত প্ৰতিজন বিষয়া-জোৱান।দিনে-নিশাই ক'ৰ'না ৰোধৰ বাবে পালন কৰিব লগা হৈছে নিজৰ দায়িত্ব।ইফালে ৰঙালী লগে-ভাগে উদযাপন কৰাৰ বাবে ঘৰত পত্নী-পুত্ৰই অপেক্ষা কৰিছে আৰক্ষীত কৰ্মৰত স্বামী-পিতৃৰ বাবে।

তেনে এক ভিডিঅ' সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰাল হৈছে।অসম আৰক্ষীত কৰ্মৰত বিষয়া পংকজ প্ৰতীম মহন্ত অন্যসকল আৰক্ষীৰে দৰেই হেঁপাহৰ ৰঙালীত পৰিয়ালৰ সৈতে থাকিব পৰা নাই।তাৰ মাজতে পত্নীয়ে আৰক্ষী স্বামীৰ বাবে পদূলিমুখত হেঁপাহৰ বিহুৱান লৈ অপেক্ষা কৰিছে।।কণমানি  পুুত্ৰও ৰৈ আছে পদূলিমুখত মাতৃৰ সৈতে।তাৰ মাজতে গুৱাহাটী পল্টন বজাৰত কৰ্মৰত আৰক্ষী বিষয়া পংকজ প্ৰতীম মহন্ত গুৱাহাটীৰ আৰক্ষী চাউনীৰ আৱাসগৃহত থকা পৰিয়ালক দেখা কৰিবলৈ গৈছে।

পৰম্পৰা অনুসৰি স্বামীক পদূলিমুখতে সেৱা জনাই পত্নীয়ে যাচিলে বিহুৱান।বিহুৱান লৈ পত্নীক আশীৰ্বাদ দি আৰু পুুত্ৰক   মৰমৰ    মাত এষাৰ দি আকৌ উভতি  গৈছে  কৰ্মস্থলীলৈ।

Your Comments