বিশ্বত্ৰাস মহামাৰী ক'ৰ'না ভাইৰাছৰ ভয়াৱহতাই ম্লান কৰিলে অসমবাসীৰ হেঁপাহৰ ৰঙালীৰ মাদকতা।'লকডাউন'ৰ বাবে বাতিল হ'ল হেঁপাহৰ ৰঙালীৰ ৰাজহুৱা সকলো কাৰ্যসূচী।ঐতিহাসিক লতাশিল খেলপথাৰত পূৰ্বৰ বছৰসমূহৰ দৰে এইবাৰ নাই ৰঙালীৰ উৎসৱমুখৰ পৰিৱেশ।নাই ঢোল,পেঁপা,গগনাৰ হেঁপাহৰ মাতবোৰ।
পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি প্ৰতিবছৰৰ দৰে এইবাৰো গুৱাহাটী বিহু সন্মিলনীয়ে চাৰিদিনীয়াকৈ লতাশিলত আয়োজন কৰাৰ কথা আছিল বিহু সন্মিলন।কিন্তু,মহামাৰী ক'ৰ'নাৰ বাবে পূৰ্বে ঘোষণা কৰা সকলো কাৰ্যসূচী বাতিল কৰিব লগা হ'ল।প্ৰশাসনৰ নিয়মৰ মাজত নামমাত্ৰ পতাকা উত্তোলন কৰি সামৰিব লগা হ'ল এই বর্ষৰ ঐতিহাসিক গুৱাহাটী বিহু সন্মিলনৰ সকলো কার্যসূচী।সোমবাৰে পুৱা ১০বজাত প্ৰশাসনে বান্ধি দিয়া নিৰ্ধাৰিত নীতি-নিয়মৰ মাজেৰে সমিতিৰ সভাপতি অশোক কুমাৰ বিষয়াই উত্তোলন কৰে পতাকা।পতাকা উত্তোলনৰ পিছতে পৰম্পৰা অনুসৰি নামমাত্ৰ হুঁচৰি জুৰি সামৰণি মাৰে কাৰ্যসূচী।
গুৰুত্বপূৰ্ণ যে ১৯৫২চনত প্ৰথমবাৰৰ বাবে মঞ্চবিহু অনুষ্ঠিত কৰা হৈছিল লতাশিলত।তাৰ পিছৰে পৰা প্ৰতি বছৰে পালন কৰি অহা হৈছে বিহু।তাৰ মাজতে ১৯৮৩ চনত অসম আন্দোলনৰ সময়ত এইবাৰৰ দৰে পতাকা উত্তোলন কৰি সামৰিব লগা হৈছিল সকলো কাৰ্যসূচী।এই কথা জানিবলৈ দিয়ে সভাপতি বিষয়াই।
ইফালে,সোমবাৰে উত্তোলন কৰা পতাকাখন অহা ১৭এপ্ৰিললৈ উত্তোলন কৰি ৰখা হ'ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে।
- Log in to post comments
- 44 views