'লকডাউন'ৰ মাজতে মাছৰ পিছত এইবাৰ গুৱাহাটীৰবাসীৰ বাবে আৰম্ভ কৰা হৈছে মাংস যোগান।মহানগৰ জিলা প্ৰশাসনে মাংস বিক্ৰীৰ বাবে ৩৫জনকৈ ভেণ্ডৰ নিৰ্বাচিত কৰিছে।ইতিমধ্যে তেওঁলোকক দায়িত্ব প্ৰদান কৰিছে ৰাইজক মাংস যোগানৰ বাবে।কিন্তু বিক্ৰীৰ ক্ষেত্ৰত কিছু নিয়ম বান্ধি দিছে প্ৰশাসনে।সেই অনুসৰি পৰিষ্কাৰ আৰু সতেজ মাংস বিক্ৰী কৰিব লাগিব।বিজ্ঞানসন্মত পদ্ধতি অৱলম্বন কৰি পৰিস্কাৰ কৰিব লাগিব মাংস।
গুৰুত্বপূৰ্ণ যে মাংস বিক্ৰী কোনো দোকানত নহ'ব।তাৰ সলনি ভেণ্ডৰসকলে ঘৰে ঘৰে গৈ বিক্ৰী কৰিব লাগিব মাংস।ৰাইজক যোগান ধৰিব লগা মাংসৰ মূল্য প্ৰশাসনে নিৰ্ধাৰণ কৰি দিছে।
সেই অনুসৰি গোটা ব্ৰয়লাৰ প্ৰতি কেজি ১৫০টকা আৰু কটা মাংসৰ প্ৰতি কেজিত ২২০ টকা দৰ নিৰ্ধাৰণ প্ৰশাসনৰ।
- Log in to post comments
- 33 views