মাৰাত্মক ক'ৰ'না ভাইৰাছৰ বিৰুদ্ধে চৰকাৰে আহ্বান জনোৱা ২১দিনীয়া 'লকডাউন' বৰ্তমান সময়লৈকে সুচাৰুৰূপে মানি চলা প্ৰতিগৰাকী নাগৰিকক ধন্যবাদ জনাইছে সদৌ অসম ছাত্ৰ সন্থাই।লগতে,ধন্যবাদ জনাইছে
ক'ভিড-১৯ বিৰোধী যুঁজত জড়িত হৈ থকা স্বাস্থ্য বিভাগৰ কৰ্মচাৰী,পৌৰ নিগম আৰু পৌৰ সভা কৰ্মচাৰী,জৰুৰীকালীন আৰু অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত ব্যক্তিসকলকো।এই কথা প্ৰকাশ কৰিছে 'আছু'ৰ সভাপতি দীপাংক কুমাৰ নাথে।
'লকডাউনৰ সময়খিনিত আছু কর্মীসকলে সমগ্ৰ ৰাজ্য,জিলাৰ লগতে অঞ্চলে অঞ্চলে দৰিদ্ৰ-গৰীৱ জনতাৰ কাষত থিয় দিছে।বিভিন্নজনে যোগান ধৰিছে খাদ্য-সামগ্রীৰ উপৰিও ঔষধ।শিৱসাগৰ,যোৰহাট,ডিব্ৰুগড় জিলাৰ লগতে বহুকেইখন জিলাৰ জিলা ছাত্ৰ সন্থা আৰু আঞ্চলিক ছাত্ৰ সন্থাই ঔষধ যোগান ধৰিবলৈ চেষ্টা কৰিছে'-সভাপতি নাথে জানিবলৈ দিয়ে।
ইজনে-সিজনক সহায় কৰি আমি আগবাঢ়ি যাব লাগিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰি সভাপতি নাথে কয়-'বেমাৰ যাতে কোনো কাৰণত বিয়পি পৰিবলৈ নোৱাৰে।সমগ্ৰ অসমত ক'ভিড-১৯ৰ বিৰুদ্ধে যুুঁুঁজজ দিবলৈ সকলো একত্ৰিত হব লাগিব।'
লকডাউন শেষ হোৱাৰ পিছত অৰ্থাৎ অহা সাতটা দিনৰ পিছত সামান্য শিথিলতা হয়তো আহিব।সেই সময়ত 'আছু' কর্মীসকলে এটা কথা মনত ৰখা উচিত বুলি উল্লেখ কৰি সভাপতি নাথে কর্মীসকলক আহ্বান জনায় কয়-'প্ৰত্যেক গাঁও-মফচল,যিবোৰ বৰ্তমান সময়তো ছেনিটাইজ হোৱা নাই অথবা ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ নাশ কৰা কোনো দ্ৰব্য গৈ পোৱাগৈ নাই,সেই অঞ্চলসমূহত ছাত্ৰ সন্থাৰ কর্মীসকলে কৃষকৰ স্প্ৰিয়েৰ মেচিনৰ জড়িয়তে ব্লিছিং পাউদাৰ তথা চৰকাৰীভাৱে ছেনিটাইজ কৰা যিসমূহ দ্ৰব্য আছে,সেইসমূহ যুগুত কৰি নিজাকৈ সেই অঞ্চলসমূহৰ চুক-কোণ সামৰি ছেনিটাইজ কৰিব লাগে।'বুধবাৰৰ পৰা সকলো আঞ্চলিক ছাত্ৰ সন্থা, জিলা ছাত্ৰ সন্থাই এই কথাটোত গুৰুত্ব দি আগবাঢ়িব লাগে।
"চৰকাৰ তথা প্ৰশাসনে সাঙুৰি ল'ব নোৱাৰা অঞ্চলসমূহ প্ৰশাসনৰ অনুমতি লৈ ছেনিটাইজ কৰাটো উচিত হ'ব"-নাথে লগতে উল্লেখ কৰে।
- Log in to post comments
- 23 views