মাৰাত্মক ক'ৰ'না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে ব্যাপক তৎপৰতা।ৰাজ্যৰ ১৬গৰাকী ক'ভিড-১৯ আক্রান্ত ধৰা পৰাৰ লগে লগে যুদ্ধকালীন তৎপৰতা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।
বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজে মহানগৰীৰ ফাঁচী বজাৰ পথত ছেনিটাইজেচন কৰে।অগ্নিনিৰ্বাপক বাহিনী,স্বাস্থ্য বিভাগ গুৱাহাটী পৌৰ নিগমৰ তৎপৰতাত চলি থকা ছেনিটাইজেচনৰ কাম মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে উপস্থিত হৈ তদাৰক কৰে।মহামাৰী ক'ভিড-১৯ৰ প্ৰতিকূল পৰিস্থিতিৰ মাজতো কর্মীসকলে আগবঢ়োৱা সেৱাৰ প্ৰশংসা কৰে মুখ্যমন্ত্ৰী সোণোৱালে।
ৰাইজক আহ্বান জনাই সোণোৱালে কয়-"সকলো ৰাইজে 'লকডাউন'ৰ সম্পূৰ্ন নীৰ্তি-নিৰ্দেশনা মানি চলক।ছেনিটাইজেছন আৰু স্বাস্থ্য সেৱাত নিয়োজিত কৰ্মীসকলক সন্মান আৰু সহযোগিতা আগবঢ়াওক।"
- Log in to post comments
- 27 views