বিশ্বত্ৰাস "ক'ভিড-১৯" সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশৰ লগতে ৰাজ্যত যোৱা ২৪ মার্চৰ পৰা কাৰ্যকৰী হৈ আছে ২১ দিনীয়া 'লকডাউন'।লকডাউনৰ সময়ত দৰিদ্ৰজন যাতে কোনো কাৰণত ভোকত থাকিব লগা নহয়,তাৰ প্ৰতি লক্ষ্য ৰাখি চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সৌজন্যত বুধবাৰে বিতৰণ কৰা হয় খাদ্য সামগ্ৰী।চেপন অঞ্চলৰ তিনি হাজাৰ পৰিয়ালক প্ৰথম পৰ্যায়ত বিহু সন্মিলনখনে ঘৰে-ঘৰে গৈ যোগান ধৰে খাদ্য সামগ্ৰী। পৰিয়ালে প্ৰতি চাউল, তেল,মিঠাতেল আৰু পিয়াঁজ যোগান ধৰে বিহু সন্মিলনীখনে।গুৰুত্বপূৰ্ণ যে বিভিন্ন সংকটৰ সময়ত চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে আৰ্তজনৰ কাষত সদায় ঠিয় দি আহিছে। আনহাতে লক্ষণীয় যে বিহু সন্মিলনখনে খাদ্য-সামগ্ৰীৰ বিতৰণৰ বাবে ৰাজহুৱা স্থান নিৰ্ধাৰণ নকৰি ঘৰে ঘৰে যোগান ধৰা মূলতে হ'ল-"সমাজৰ প্ৰতিগৰাকী ব্যক্তি যাতে চৰকাৰে বান্ধি দিয়া সময়চোৱাত ঘৰতে সোমাই থাকি সমাজখন সুৰক্ষিত কৰি ৰখাত ভূমিকা গ্ৰহণ কৰে।"
- Log in to post comments
- 40 views