কাৰাৰুদ্ধ অখিলৰ মাতৃলৈ আহ্বান-"মা,আপুনি চকুৰ অপাৰেচন কৰাই লওক"

Pic

"হিন্দু-মুছলিম কোনো বিদেশীৰ বোজা অসমত লোৱা নহ'ব"- শিৱসাগৰ আদালতৰ পৰা মুকলি হৈয়ে চৰকাৰক হুংকাৰ কৃষক নেতা অখিল গগৈৰ।

"স্বাস্থ্য মোৰ খুব বেয়া,খাদ্যনলীৰ ঘাঁ লগাৰ পৰা আৰম্ভ কৰি কিডনী পাথৰ,পেটবিষত আক্রান্ত।মঙলবাৰে বহুকেইটা চেলাইন লৈছোঁ।তাৰ পিছতো মোক বাৰম্বাৰ গ্ৰেপ্তাৰ কৰি চৰকাৰে দেখুৱাব বিচাৰিছে যেন অখিল গগৈৰ বাহিৰে অন্য কোনো সমস্যা দেশত নাই"- কৃষক নেতা গগৈয়ে কয়। অসমবাসীক আহ্বান জনাই গগৈয়ে কয়-"লকডাউন মানি লওঁক,কিন্তু লকডাউন ভংগ কৰাৰ নামত পুলিচৰ নিৰ্যাতন মানি নল'ব।" মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক উদ্দেশ্য কৰি গগৈয়ে কয়-"আইলৈ যি পাত শৰ,বোপাইলৈয়ো একেপাট শৰ কেতিয়াবা যাব পাৰে।দিল্লীৰ পুতলা সৰ্বানন্দ সোণোৱালে নিজৰ বিবেকেৰে এতিয়া একো বিবেচনা কৰিব পৰা নাই।" "এটাৰ পিছত এটা গোচৰ দি মোক কেৱল গ্ৰেপ্তাৰ কৰি ৰাখিব বিচৰা হৈছে।এয়া কেৱল বেআইনীয়ে নহয়, ই অমানৱীয়।কোনো মানুহক এনেদৰে নিৰ্যাতন দিয়াটো উচিত নহয়"-গগৈয়ে কয়।

বৃদ্ধা মাতৃক উদ্দেশ্য কৰি অখিলে কয় যে মাৰ স্বাস্থ্য খুব বেয়া।চকুৰ অস্ত্ৰোপচাৰ কৰিব লগা আছিল।বহুকেইটা দিন অস্ত্ৰোপচাৰৰ বাবে ঠিক কৰা হৈছিল যদিও মোক গ্ৰেপ্তাৰ কৰি থোৱাৰ বাবে অপাৰেচন কৰিব নাই।"মা আপুনি চকুৰ অপাৰেচন কৰাই লওঁক"-মাতৃলৈ আহ্বান অখিলৰ।"আশা কৰিম মোৰ পৰিয়ালটো ভালে থাকিব"-অখিল গগৈয়ে কয়।

Your Comments