ক'ৰ'না প্ৰতিৰোধৰ প্ৰচেষ্টা:ৰাজ্যৰ ৩৩ খন জিলাৰ ৫২,৮৩০জন হোম কোৱাৰাণ্টাইনত

Pic

বিশ্বত্ৰাস ক'ৰ'না ভাইৰাছ(ক'ভিড-১৯) সংক্ৰমণ প্ৰতিৰোধৰ বাবে ব্যাপক তৎপৰতা চলাইছে ৰাজ্যৰ স্বাস্থ্য বিভাগে।জনতাক মহামাৰী ক'ভিড-১৯ৰ পৰা ৰক্ষা কৰাৰ বাবে ২৪ ঘন্টাই সষ্টম হৈ সেৱা আগবঢ়াইছে স্বাস্থ্য বিভাগে।দেশত শেহতীয়াভাৱে জটিল ৰূপ ধাৰণ কৰা ক'ভিড-১৯ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ ৩৩খন জিলাতে স্বাস্থ্য বিভাগৰ যুদ্ধকালীন তৎপৰতা। স্বাস্থ্য বিভাগৰ পৰা লাভ কৰা তথ্য অনুসৰি ৰাজ্যৰ ৩৩খন জিলাত হোম কোৱাৰাণ্টাইন কৰি ৰখা হৈছে ৫২,৮৩০জন লোকক।নগাঁও জিলাত সৰ্বাধিক ৩,৮৯৫জন, দ্বিতীয়তে মৰিগাঁও জিলাত ৩,৫০৬জন। উল্লেখ্য যে হোম কোৱাৰাণ্টাইনত ৰখা অধিকাংশ অসমৰ নাগৰিক যদিও দেশৰ বিভিন্ন প্ৰান্তত কৰ্মসূত্ৰে থাকি অসমলৈ ঘূৰি অহা।প্ৰায় সংখ্যক যোৱা ২০-২৫মাৰ্চ ভিতৰত ৰাজ্যলৈ অহা। স্বাস্থ্য বিভাগৰ দ্বাৰা নিয়োজিত আশাকর্মী,ছাৰ্ভিলেন্স টীমে ঘৰৰ ভিতৰত থকা ব্যক্তিসকলৰ লক্ষণসমূহ নিৰীক্ষণ কৰি আছে। ৰাজ্যত বৰ্তমানলৈকে কোনো ব্যক্তিৰ দেহত ধৰা পৰা নাই ক'ভিড-১৯ৰ উপস্থিতি।

Your Comments