ব্যৰ্থ যোগান বিভাগ:গুৱাহাটীত গুদামত কেজিৰ সলনি বেগ হিচাপত নিৰ্ধাৰিত হৈছে আলুৰ মূল্য

Pic

যোগান বিভাগৰ সোপা-ঢিলা নীতিৰ বাবে 'লকডাউন'ৰ সুযোগ গ্ৰহণ কৰি গুৱাহাটীৰ পাইকাৰী বজাৰত আলুৰ মূল্য অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে।লকডাউনৰ অচিলা লৈ গুৱাহাটীৰ গুদামত কেজিৰ সলনি বেগ হিচাপত নিৰ্ধাৰণ কৰা হৈছে আলুৰ মূল্য।গুদামত প্ৰতি বেগ আলু খুচুৰা দোকানীসকলে ক্ৰয় কৰিব লগা হৈছে ১৬০০-১৭৫০টকাত। গুৰুত্বপূৰ্ণ কথা যে গুদামসমূহত আলুৰ কেজিৰ বিপৰীতে বেগ হিচাপত দাম নিৰ্ধাৰণ হোৱাৰ বাবে ব্যৱসায়ীসকলে ৰাইজক আলু যোগান ধৰিব লগা হৈছে ৩৫-৩৮টকাত। উল্লেখ যে মাৰাত্মক ক'ৰনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশৰ লগতে ৰাজ্যত ২১দিনৰ বাবে ঘোষণা কৰা হৈছে লকডাউন।২১ দিনৰ লকডাউন এসপ্তাহ সম্পূৰ্ণ নৌহওঁঁতেই প্ৰতি কেজি আলুত গুৱাহাটীত বৃদ্ধি পাইছে ১৫-২০টকা।তাৰ পিছতো ৰাজ্যৰ যোগান বিভাগৰ গুৰুত্বহীনতাই চিন্তিত কৰিছে জনতাক।

Your Comments