ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ অধ্যক্ষতাত ক'ভিড-১৯ প্ৰতিৰোধ সম্পৰ্কীয় বৰ্তমানৰ স্থিতি আৰু কাৰ্যব্যৱস্থা সম্পৰ্কে পৰ্যালোচনা কৰিবলৈ ৰাজ্যিক পৰ্যায়ৰ টাস্ক ফ'ৰ্চৰ নিয়মীয়া বৈঠক শনিবাৰে দিছপুৰত অনুষ্ঠিত কৰা হয়।মাৰাত্মক ক'ৰ'না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সকলো গুৰুত্বপূৰ্ণ দিশ আলোচনাৰ পিছত মুখ্য সচিবগৰাকীয়ে প্ৰদান কৰে বহুকেইটা নির্দেশ।
তাৰ ভিতৰত এটা নিৰ্দেশ-আসাম ৰিলিফ মেনুৱেলচৰ নিয়ম অনুসৰি ৰাজ্যৰ সকলো জিলা উপায়ুক্তক নগৰীয়া এলেকাত বসবাস কৰা আৰু আবদ্ধ হৈ থকা ৰিক্সাচালক,শ্ৰমিকসকলৰ দৰে দৈনিক শ্ৰম কৰি জীৱন নিৰ্বাহ কৰা ব্যক্তিসকলক ৭দিনৰ বাবে বিনামূলীয়া সামগ্ৰী যোগান ধৰিব লাগে।
একেদৰে নির্দেনাটোত উল্লেখ আছে ব্ৰেড, বিস্কুট,খোৱাপানীৰ বটল আদি উৎপাদন গোটসমূহৰ লগতে ৰাইচ মিল,চিৰা মিল,আটা মিল আদিয়ে নূন্যতম কৰ্মচাৰী ৰাখি সামাজিক দূৰত্ব ৰক্ষা কৰি তেওঁলোকৰ উৎপাদনৰ কাম অব্যাহত ৰাখিব লাগিব।
কামৰূপ(ম)জিলা উপায়ুক্তই ভ্ৰাম্যমাণ বাহনৰ জড়িয়তে জিলাখনৰ ৬৬টা স্থানত শাক-পাচলিৰ যোগান ধৰাৰ ব্যৱস্থা কৰিছে। মুখ্য সচিব গৰাকীয়ে সেই ধাৰা অব্যাহত ৰাখিবলৈ কয়।লগতে কয় যে প্ৰয়োজনত সামৰি লোৱা এলেকা সংখ্যা বৃদ্ধি কৰক।
- Log in to post comments
- 28 views