স্বাস্থ্য বিভাগৰ তথ্য:ৰাজ্যত ক'ৰ'না আক্রান্তৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ অহা ৫৯৯জন ব্যক্তি

Pic

বিশ্বত ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰা ক'ৰ'না ভাইৰাছৰ সংক্ৰমণে শেহতীয়াভাৱে সংহাৰী ৰূপ ধাৰণ কৰিছে দেশত।দেশত বৃদ্ধি পাইছে ক'ৰনা আক্রান্তৰ সংখ্যা।দ্ৰুত বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি দেশত ইতিমধ্যে ঘোষণা কৰা হৈছে যোৱা ২৪ মার্চৰ পৰা ২১ দিনৰ বাবে লকডাউন। গুৰুত্বপূৰ্ণ যে বৰ্তমান সময়লৈকে এই পৰ্যন্ত অসমৰ কোনো ব্যক্তিৰ দেহত ধৰা পৰা নাই মহামাৰী ক'ভি'ড-১৯ ভাইৰাছ।ৰাজ্যবাসীক ক'ৰ'না সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে ব্যাপক তৎপৰতা।তাৰ মাজতে ৰাজ্যৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছ গুৰুত্বপূৰ্ণ তথ্য।সেই অনুসৰি ক'ৰ'না আক্রান্তৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ অহা ৰাজ্যৰ ৫৯৯জন ব্যক্তিক চিনাক্ত কৰা হৈছে।চিনাক্ত ব্যক্তিসকলক স্বাস্থ্য বিভাগৰ তীক্ষ্ণ নজৰত বৰ্তমান ৰখা হৈছে ঘৰৰ ভিতৰত সুকীয়াকৈ।উল্লেখ্য যে তাৰে পাঁচ গৰাকী ব্যক্তিক ক'ভিড-১৯ পৰীক্ষা কৰা হৈছে।পৰীক্ষাৰ ফলাফল নিগেটিভ ওলাইছে।

Your Comments