ৰাজ্যত এই পৰ্যন্ত ক'ৰ'না ভাইৰাছ কোনো ব্যক্তিৰ দেহত ধৰা পৰা নাই।পূৰ্বতকৈ পৰীক্ষাৰ মাত্ৰা বৃদ্ধি পাইছে।সোমবাৰৰ বিয়লি চাৰি বজালৈ ১৬৯টা পৰীক্ষা কৰা হৈছে।তাৰে ১৪৮টাৰ ৰিজাল্ট আহিছে।ঋণাত্মক আছে।২১টা ৰিজাল্ট আহিবলৈ বাকী আছে।এই গুৰুত্বপূৰ্ণ তথ্য ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ।
দিছপুৰত মাৰাত্মক ক'ৰনা ভাইৰাছ সংক্ৰমন প্ৰতিৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ কথা উল্লেখ কৰি মন্ত্ৰী শৰ্মাই কয়-"অসমৰ চাৰিখন মেডিকেল কলেজত বৰ্তমান ক'ৰ'না পৰীক্ষা চলি আছে।দুই-তিনিদিনৰ ভিতৰত বৰপেটা-তেজপুৰতো আৰম্ভ হ'ব পৰীক্ষা।প্ৰস্তুত কৰা হৈছে আইচ'লেচন ৱাৰ্ড।"
ক'ৰ'নাৰ সৈতে যুঁজ দিবলৈ ৰাজ্য চৰকাৰে লোৱা ব্যৱস্থাৰ কথা উল্লেখ কৰি মন্ত্ৰী শৰ্মাই কয়-"গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চকু চিকিৎসা কেন্দ্ৰটো বন্ধ কৰি দিয়া হৈছে।কেন্দ্ৰটো সাজু কৰি তোলা হৈছে ক'ৰ'না ভাইৰাছৰ চিকিৎসাৰ বাবে।"চকুৰ ৰোগীসকলক এই সময়ছোৱাত শ্ৰীমন্ত শংকৰদেৱ নেত্ৰালয়ত চকু পৰীক্ষা কৰিবৰ বাবে আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে।
ইয়াৰ উপৰিও সোণাপুৰ চিভিল হাস্পতাল সাজু কৰি তোলা হৈছে ক'ৰ'নাৰ চিকিৎসাৰ বাবে।একেদৰে প্ৰয়োজন হ'লে গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত ক'ৰনা চিকিৎসাৰ সম্পূৰ্ণ ব্যৱস্থা কৰা হ'ব।তাৰ বাবে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা বুলি মন্ত্ৰী শৰ্মাই উল্লেখ কৰে।
গুৰুত্বপূৰ্ণ কথা এই যে যদি অতি জৰুৰী হয় আৰু পৰিস্থিতি যদি ভয়াৱহ হয়,তেন্তে প্ৰয়োজনত কিছু নিৰ্দিষ্ট হোটেল-হোষ্টেল ক'ৰ'নাত আক্রান্ত লোকৰ বাবে ব্যৱহাৰ কৰিব লগা হ'ব পাৰে।তাতে চিকিৎসা ব্যৱস্থা কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে।
আজি তিনিখন ট্ৰেইন আৰু মঙলবাৰে দুখন ট্ৰেইন গুৱাহাটী লৈ আহি আছে।তাৰ যাত্ৰীসকলক নজৰত ৰখা হৈছে।একেদৰে বিমান বন্দৰসমূহত যাত্ৰী সকলক ষ্টাম্পিং কৰাৰ ব্যৱস্থা কৰা হৈছে।লগতে নিৰ্দিষ্ট অঞ্চলৰ আশা কর্মীগৰাকীক ব্যক্তিগৰাকীক নজৰত ৰাখিবলৈ জনাই দিয়া বুলি মন্ত্ৰী হিমন্তই কয়।
ৰাইজে চৰকাৰক সহায় কৰক বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই কয়-"ইটালীত এটা প্ৰজন্ম শেষ হৈ গৈছে।এয়া স্ফূৰ্তি কৰাৰ সময় নহয়।সকলোৱে গুৰুত্ব সহকাৰে লওক।দেওবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে জনোৱা আহ্বানত একাংশ ব্যক্তিয়ে শোভাযাত্ৰা উলিয়াই যি আচৰণ কৰিলে,সেই কাৰ্যই আমাক লাজ দিছে।"
- Log in to post comments
- 29 views