পাঁচদিনৰ বাবে ৰাজ্যত 'লকডাউন'ঘোষণা:ভংগ কৰিলে হ'ব কঠোৰ শাস্তি

Pic

ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে মঙলবাৰৰ পৰা অসমত 'লকডাউন' ঘোষণা।কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত ৰাজ্য চৰকাৰে ঘোষণা কৰিছে এই কথা।মঙলবাৰৰ ৰাতিৰ পৰা সম্পূৰ্ণ পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ৰাখিব লাগিব দোকান-পোহাৰ।বন্ধ থাকিব সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়।প্ৰথম পৰ্যায়ত পাঁচ দিনৰ বাবে ঘোষণা কৰা হৈছে এই লকডাউন।পৰিস্থিতি বেয়া হ'লে বৃদ্ধি কৰা হ'ব ইয়াৰ ম্যাদ।

সম্পূৰ্ণৰূপে বন্ধ থাকিব ৰাজহুৱা পৰিবহণ ব্যৱস্থা।প্ৰতিখন ৰাজ্য চৰকাৰলৈ কেন্দ্ৰই জাৰি কৰিলে এই নির্দেশ।

উল্লেখ যে বিশ্বত মহামাৰী ৰূপ ধাৰণ কৰা  ক'ৰ'না ভাইৰাছে শেহতীয়াভাৱে ভাৰততো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।সেই ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ঘোষণা কৰা হৈছে লক্ডাউনৰ।

ইফালে,এই সময়ছোৱাত কোনো ব্যক্তিয়ে যদি লকডাউন অমান্য কৰে,তেন্তে তেনে ব্যক্তিৰ বিৰুদ্ধে কঠোৰ আইনী শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উল্লেখ আছে।

Your Comments