ক'ৰ'নাক প্ৰতিৰোধৰ প্ৰয়াস:মহানগৰীত আজিৰে পৰা ২৪ মার্চলৈ চিটিবাছ সেৱা বন্ধ

Pic

ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে গুৱাহাটী চিটিবাছ সন্থাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।আজিৰে পৰা অৰ্থাৎ ২২ মার্চৰ পৰা ২৪ মার্চলৈকে গুৱাহাটীত বন্ধ থাকিব চিটিবাছ সেৱা।জৰুৰীকালীন শভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চিটিবাছ মালিক সন্থাই। উল্লেখ যে গুৱাহাটীত চলাচল কৰা বাছসমূহত ৰাইজৰ ভিৰ দেখা যায়।তাৰ প্ৰতি লক্ষ্য ৰাখি জনতাক সজাগ-সচেতন কৰাৰ বাবে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। মটৰ পৰিবহণ সন্থাৰ সম্পাদক প্ৰদীপ দাসে এই সন্দৰ্ভত কয়- "গুৱাহাটীত চিটিবাছৰ চাৰিটা সন্থা আছে।চাৰিটা সন্থাৰ এটা সমন্বয়ৰক্ষী সমিতি আছে।সেই সমন্বয়ৰক্ষী সমিতিৰ আলোচনামৰ্মে গ্ৰহণ কৰা হৈছে চিটিবাছ বন্ধ ৰখাৰ সিদ্ধান্ত।" উল্লেখ যে বহু যাত্ৰী দৈনিক বাছত আহে।তাৰে কিছুসংখ্যক বাহিৰৰ পৰা অহা যাত্ৰীও থাকে।সেয়েহে ৰোগটোৰ যাতে সংক্ৰমণ নহয় আৰু ৰোগটোৰ নিৰাময়ৰ ক্ষেত্ৰত কিঞ্চিত হ'লেও সহায় কৰে,তাকে চিন্তা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি দাসে লগতে কয় । দাসে জানিবলৈ দিয়া অনুসৰি যদি পৰিস্থিতি ঠিকে থাকে তেন্তে ২৫ মার্চৰ পৰা পুনৰ আৰম্ভ হ'ব চিটিবাছ সেৱা।পৰিস্থিতি বেয়া হ'লে পুনৰ সিদ্ধান্ত গ্ৰহণ কৰিব।লগতে তেওঁ জানিবলৈ দিয়ে যে পৰিস্থিতি বেয়া হ'লে সমগ্ৰ অসমত বন্ধ হ'ব বাছ সেৱা।

Your Comments