ক'ৰ'না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে তৎপৰতা বাঢ়িছে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ।গুৱাহাটী ৰে'ল ষ্টেচনত অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই শনিবাৰে উপস্থিত হৈ ক'ৰ'না সংক্ৰমণ প্ৰতিৰোধৰ ব্যৱস্থাৰ তদাৰক কৰে।ৰে'ল ষ্টেচনটোত যাত্ৰীসকলক স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে নিয়োজিত হৈ থকা চিকিৎসা-কর্মীসকলৰ সৈতে কথা পাতে মন্ত্ৰী হাজৰিকাই।লগতে, যাত্ৰীসকলকো নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখি ট্ৰেইন যাত্ৰা কৰিবলৈ আহ্বান জনায়। গুৰুত্বপূৰ্ণ কথা এই যে ক'ৰ'না ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে আইচিইউ আৰু ভেন্টিলেচনৰ ব্যৱস্থা বৃদ্ধি কৰাৰ বাবে আলোচনা চলি থকা বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।ভয়াবহতা প্ৰতি লক্ষ্য ৰাখি জিলা চৰকাৰী হাস্পতালসমূহত আইচ'লেচন কক্ষ সাজু কৰা হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰী হাজৰিকাই। ৰাজ্যৰ সকলো ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ক মন্ত্ৰী হাজৰিকাই নির্দেশ প্ৰদান কৰি কয়-"ক'ৰনা ভাইৰাচৰ সৈতে যুঁজ দিবলৈ সাজু হওঁক।কোনো ব্যক্তিগত চিকিৎসালয়ে ক'ৰ'না ৰোগী আহিলে চৰকাৰী চিকিৎসালয়লৈ পঠিয়াই দায়িত্ব সামৰিব নোৱাৰিব।" যিসমূহ ফাৰ্মাচীয়ে নিৰ্ধাৰিত মূল্যতকৈ অধিক দামত মেক্স-হেণ্ড ছেনিটাইজাৰ বিক্ৰী কৰিছে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।
- Log in to post comments
- 20 views