"শনিবাৰৰ পৰা ৫০%কৰ্মচাৰী কাৰ্যালয় আহিলেই হ'ব":মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা

Pic

বিশ্বত্ৰাস ক'ৰ'না ভাইৰাছক লৈ চিন্তিত ৰাজ্যবাসী।তাৰ মাজতে শুকুুৰবাৰে অসমবাসী উদ্দ্দেশ্য কৰি ৰাজ্যৰ বিত্ত তথা স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰে এখন সংবাদ মেল।সংবাদ মেলত শৰ্মাই কয়-"অসমৰ সংবাদ মাধ্যম, চিকিৎসক, নাৰ্ছ, আশা কৰ্মী, শিক্ষক আটায়ে সজাগতা কাৰ্যসূচীসমূহ সুন্দৰভাৱে কৰিছে।"তাৰ বাবে সকলোকে ধন্যবাদ জনাই মন্ত্ৰীগৰাকীয়ে।

উল্লেখ যে ইতিমধ্যে ৰাজ্যৰ বিমানবন্দৰসমূহত ১৬,৫০৮ গৰাকী লোকক স্ক্ৰিনিং কৰাৰ বিপৰীতে ৬২,৮৭০ গৰাকীক চিকিৎসালয়, ৰে'লৱে ষ্টেচন আৰু অন্যান্য ঠাইত কৰা হৈছে পৰীক্ষা।মন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে।

"কাঁহ-জ্বৰ নেদেখিলে বিমানবন্দৰৰ পৰা নিয়া নহয় মেডিকেল কলেজলৈ।বাহিৰৰ পৰা অহা ব্যক্তিসকলৰ গাত ৰোগ ধৰা পৰা নাই যদিও ঘৰৰ ভিতৰত আছুতীয়াকৈ কোঠাত ১৪দিন ৰাখিবলৈ কোৱা হৈছে।বৰ্তমান সময়লৈকে ১০০৩ জন ব্যক্তিক তেনেদৰে ঘৰৰ ভিতৰত ৰখা হৈছে"-শৰ্মাই কয়।

ইফালে,পূৰ্বে থকা তিনিটা টেষ্টিং লেবৰটেৰি বৰ্তমান চাৰিটালৈ বৃদ্ধি কৰা হৈছে।যোৰহাট, গুৱাহাটী, ডিব্ৰুগড়ৰ পিছত এতিয়া শিলচৰত টেষ্টিং লেবৰ ব্যৱস্থা কৰা হৈছে।ডিফু, তেজপুৰ, বৰপেটাতো ইয়াৰ ব্যৱস্থা কৰা বাবে চেষ্টা চলাই থকা বুলি সংবাদ মেলত মন্ত্ৰী শৰ্মাই উল্লেখ কৰে।


উল্লেখ যে গুৱাহাটীত বৰ্তমান সময়লৈকে মুঠ ৩৯জনক পৰীক্ষা কৰা হৈছে।একেদৰে ডিব্ৰুগড়ত ১১জন, যোৰহাটত ৩জন, শিলচৰত ২জনক কৰা হৈছে পৰীক্ষা।সকলোৰে ঋণাত্মক ফলাফল পোৱা গৈছে।

অসমত ক'ৰ’না ভাইৰাছ বৰ্তমান প্ৰথম পৰ্যায়ত আছে।কোনো ব্যক্তিৰ দেহত যদি আহে, তেতিয়াহে হ’ব।

অসমলৈ বাহিৰৰ ৰাজ্যৰ পৰা অহা লোকৰ সংখ্যা এতিয়া কমিছে।যদি ২২ মাৰ্চৰ পৰা কোনো আহে,তেন্তে ৫ এপ্ৰিললৈকে এই তাৰিখৰ আগত অহাসকলে সাৱধানতা অৱলম্বন কৰিব লাগে।শৰ্মাই লগতে কয়।

"সকলো ধৰণৰ পৰীক্ষা ৩১মাৰ্চলৈকে অনুষ্ঠিত কৰিবলৈ দিয়া নহ’ব বুলি উল্লেখ কৰি শৰ্মাই কয় শনিবাৰৰ পৰা চৰকাৰী কাৰ্যালয়লৈ ৫০শতাংশ কৰ্মচাৰী আহিব।বাকী ৫০শতাংশই ঘৰৰ পৰা কাম কৰিব।তিনিদিন অথবা সাপ্তাহিক হিচাপত ৫০শতাংশকৈ প্ৰতিটো কাৰ্যালয়ে ভগাই ল’ব লাগিব"-মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।তেওঁ এই ব্যৱস্থা স্কুল,কলেজৰ পৰা আদি কৰি চৰকাৰী সকলো কাৰ্যালয়ত কৰা হ'ব বুলি লগতে উল্লেখ কৰে।

এই নিৰ্দেশনা ৩১মাৰ্চ  পৰ্যন্ত বাহাল থাকিব বুলি শৰ্মাই স্পষ্টকৈ ঘোষণা কৰে।

আনহাতে,২২মার্চৰ পৰা ৰাজ্যৰ ৰে'লৱে ষ্টেচন আৰু বিমানবন্দৰসমূহত বাহিৰৰ পৰা অহা প্ৰতিজন যাত্ৰীক ষ্টাম্পিং কৰা হ’ব।সেই অনুসৰি ষ্টাম্প থকা লোকসকল ১৪দিন ঘৰৰ ভিতৰতে আছুতীয়াকৈ ৰখা হব-মন্ত্ৰীগৰাকীয়ে কয়।

"ৰাজ্যত জৰুৰীকালীন সকলো চলি থাকিব।স্বাস্থ্য বিভাগৰ মন্ত্ৰী আদি কৰি সকলো কৰ্মচাৰীৰ ছুটী বন্ধ কৰা হৈছে।২৪ ঘণ্টাই চিকিৎসক, নাৰ্ছ ৰাইজৰ সেৱাত ব্ৰতী থাকিব লাগিব"-মন্ত্ৰী শৰ্মাই সংবাদ মেলত ঘোষণা কৰে।

"সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সময়খিনিত কোনো যাত্ৰীবাহী বাহনতে থিয় হৈ যাত্ৰা কৰাটোত বাধা আৰোপ কৰা হৈছে।একেদৰে শ্বপিং মলসমূহৰ ভিতৰত ৫০জনতকৈ বেছি মানুহ থাকিব নোৱাৰিব।মলসমূহ বন্ধ কৰি দিয়া নহয় যদিও মলসমূহৰ আকাৰৰ ওপৰত ভিত্তি কৰি ৰাইজক সোমাবলৈ দিয়া হ’ব।"

"চেনিটাইজাৰ নহ’লেও হ’ব যদি চাবোনেৰে ভালদৰে হাত ধোৱে বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই কয় "যিসকলে দোকান খুলি ৰাখিব বিচাৰিছে,সেইসকলে চেনিটাইজাৰ নহ'লে চাবোনেৰে গ্ৰাহকক হাত ধুব দিব লাগিব।অন্যথা ব্যৱস্থা নকৰিলে স্বাস্থ্য বিভাগৰ বিষয়া গৈ দোকান বন্ধ কৰি দিব।সমান্তৰালকৈ সকলো চৰকাৰী, বেচৰকাৰী কাৰ্য্যালয়ৰ সন্মুখত চেনিটাইজাৰ নহ'লে চাবোনেৰে হাত ধোৱাৰ ব্যৱস্থা ৰাখিব লাগিব"-মন্ত্ৰী ডঃশৰ্মাই কয়।

গুৰত্বপূৰ্ণ কথা এই যে যিসকল লোক এমাহৰ ভিতৰত বিদেশত ফুৰিবলৈ গৈ বৰ্তমানো  ঘূৰি আহিব পৰা নাই সেইসকলৰ একাউন্টত ২০০০ডলাৰ ভৰাই দিয়া হ’ব।কাৰোবাৰ ভিজাৰ ম্যাদ উকলি গ’লে ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰক জনালে এম্বেচীক জনোৱাৰ ব্যৱস্থা কৰা হ’ব বুলি মন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে।

ইফালে বজাৰসমূহক মানুহৰ ভিৰ কমাবলৈ বাৰেপতি কোৱা হৈছে।শুকুৰবাৰ আৰু শনিবাৰে দুটা দিন চোৱা হ’ব।যদি ভিৰ নকমে বজাৰসমূহ বন্ধ কৰি দিয়া হ’ব।জনসাধাৰণক 'ভিটামিন চি'যুক্ত আহাৰ খাবলৈ মন্ত্ৰী গৰাকীয়ে আহ্বান জনায়।

 

উল্লেখযোগ্য যে যে অসমত বৰ্তমানলৈকে কোনো ব্যক্তিৰ দেহত ক'ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰা নাই।

Your Comments