অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰিৰ গুৰুত্বপূৰ্ণ ৰায় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

Pic

অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰি গোচৰৰ গুৰুত্বপূৰ্ণ ৰায় প্ৰদান ন্যায়ালয়ৰ।গুৱাহাটী উচ্চ ন্যায়ালয়ে অভিযুক্ত ৰাজপত্ৰিত বিষয়াৰ বৰ্খাস্তৰ নির্দেশ বাহাল ৰাখিলে।

অসম চৰকাৰৰ যুক্তি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে বুধবাৰে প্ৰদান কৰিছে এই গুৰুত্বপূৰ্ণ ৰায়দান।এই কথা জনালে চৰকাৰীৰ পক্ষৰ অধিবক্তা ৰঞ্জিত দেৱ চৌধুৰীয়ে।

উল্লেখ্য যে চৰকাৰে দিয়া বৰ্খাস্তকৰণৰ নিৰ্দেশ বাহাল ৰাখি অভিযুক্তৰ ৪৯খন আবেদন খাৰিজ কৰে ন্যায়ালয়ে।মুঠ ৭১ জন ৰাজপত্ৰিত বিষয়াই বৰ্খাস্তকৰণ স্থগিতাদেশ বিচাৰি উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল।

অভিযুক্ত পক্ষৰ যুক্তি  নুশুনাকৈয়ে চৰকাৰে বৰ্খাস্ত কৰাৰ অভিযোগ আছিল ৰাজপত্ৰিত বিষয়াসকলৰ।সেই নির্দেশৰ স্থগিতাদেশ বিচাৰি দ্বাৰস্থ হৈছিল ন্যায়ালয়ৰ।

ইফালে,গুৰুত্বপূৰ্ণ কথা এই যে পূৰ্বে বহুকেইজন ৰাজপত্ৰিত বিষয়াৰ বৰ্খাস্তকৰণত ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰিছিল।

কিন্তু বুধবাৰৰ শেহতীয়া শুনানিয়ে সকলো অভিযুক্তৰে বৰ্খাস্তকৰণ নিশ্চিত কৰিলে।

Your Comments