গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকাৰ মাজতে 'কা' বিৰোধী সকলো দল-সংগঠনক,বিশেষকৈ সদৌ অসম ছাত্ৰ সন্থাক আহ্বান জনাই কৃষক নেতা অখিল গগৈয়ে দুখনকৈ পত্ৰ লিখিছিল।পত্ৰত তেওঁ লিখিছিল -"জাতিৰ স্বাৰ্থত নিজৰ স্বাৰ্থ পৰিহাৰ কৰি, সকলো ভেদাভেদ পাহৰি 'কেব'ৰ সময়ত গঢ়ি তোলা আন্দোলন 'কা'ৰ বিৰূদ্ধে গঢ়ি তোলক।বৃহত্তৰ অসমীয়া জাতিক উদ্ধাৰ কৰিবলৈ আন্দোলনতো সংগঠনৰ বেনাৰত নহৈ ঐক্যবদ্ধভাৱে ৰাইজৰ মাজত হওঁক।কা'ৰ বিৰোধী সকলো শক্তি একলগ হওঁক।"কিন্তু,অখিল গগৈৰ আহ্বানকেইটা বিবেচনা কৰি চোৱা পৰিলক্ষিত নহ'ল 'আছু'ৱে।যি 'আছু' আৰু অখিল গগৈৰ মাজৰ সংঘাতৰ প্ৰমাণ দিছে। আছু-কৃষক মুক্তি ঐক্যবদ্ধ নোহোৱাৰ চৰ্চা ৰাইজৰ মাজত চলি থকাৰ মাজতে সামাজিক মাধ্যমত প্ৰকাশ পাইছে এখন বিশেষ ফটো।যিখন ফটোৱে প্ৰমাণ কৰিছে পিতৃৰ সৈতে বা পিতৃয়ে নেতৃত্ব দিয়া সংগঠনৰে আছুৰ সংঘাত থাকিলেও আছুৰ কেব(কা) বিৰোধী বিগত বৰ্ষৰ ডিচেম্বৰ মাহৰ লতাশিল খেলপথাৰৰ কাৰ্যসূচীত দেখা গ'ল অখিল গগৈৰ কণমানি পুত্ৰক অংশগ্ৰহণ কৰা।হাতত এখন গামোচা, লিখা আছে "WE WILL STILL OPPOSE CAB,জয় আই অসম"। 'নিয়া'ৰ গোচৰত জামিন লাভ কৰাৰ পিছতে মঙলবাৰে সামাজিক মাধ্যমত অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলীয়ে প্ৰকাশ কৰিছে একমাত্ৰ পুত্ৰৰ লতাশিল খেলপথাৰৰ ফটোখন।পত্নীয়ে ফেচবুক একাউণ্টত ফটোখন প্ৰকাশ কৰি লিখিছে- "আমাৰ পুত্ৰ,লতাশিলৰ 'আছু'ৰ ঐতিহাসিক ২০১৯ৰ ডিচেম্বৰৰ গণ- সমাৱেশত"।
- Log in to post comments
- 72 views