বিশ্বত্ৰাস ক'ৰ'না ভাইৰাছক লৈ চিন্তিত গুৱাহাটী আৰক্ষী।সকলো ধৰণৰ জনসমাগম হ'ব পৰা অনুষ্ঠান ইতিমধ্যে নিষিদ্ধ কৰা হৈছে গুৱাহাটীত।এই কথা জানিবলৈ দিছে মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই।আয়ুক্ত গুপ্তাই ক'ৰ'নাৰ পৰা নিজকে সুৰক্ষিত কৰিবলৈ সকলো সাৱধানতা অবলম্বন কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে সকলো আৰক্ষীক।উল্লেখ্য যে ক'ৰ'নাৰ সুযোগ বুজি দুষ্ট চক্ৰই মাস্ক আৰু হেণ্ড চেনিটাইজাৰৰ দৰ অবৈধভাৱে বৃদ্ধি কৰাৰ বিষয়টো দৃষ্টিগোচৰ হোৱা বুলি উল্লেখ কৰি আৰক্ষী আয়ুক্ত গুপ্তাই
এই বিষয়ত নিৰ্দিষ্ট বিভাগক চকু ৰাখিবলৈ অৱগত কৰা বুলি জানিবলৈ দিছে।
ইয়াৰ উপৰিও ক'ৰ'নাৰ বাবে ইতিমধ্যে ব্ৰেথ এনালাইজাৰ(Breath Analyser) সাময়িকভাৱে বন্ধ কৰা হৈছে সমগ্ৰ গুৱাহাটীত।লগতে,যান-বাহন শাখা আৰু জনসমাগমত কৰ্তব্যৰত সকলো আৰক্ষীক অধিক সাৱধান হোৱাৰো নিৰ্দেশ
দিছে আয়ুক্ত গুপ্তাই।প্ৰয়োজনত প্ৰতিগৰাকী আৰক্ষীক পকেটত হেণ্ড ছেনিটাইজাৰ (hand senitizer)ৰখাৰো আহ্বান জনাইছে আয়ুক্তগৰাকীয়ে।
গুৰুত্বপূৰ্ণ কথা এই যে ৰাজ্য চৰকাৰে ইতিমধ্যে কৰ'নাৰ বাবে অহা সোমবাৰৰ পৰা ২৯ মার্চলৈকে ৰাজ্যৰ সকলো চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান,জিম, চিত্ৰগৃহ,ছুইমিং পুল আদি বন্ধ ঘোষণা কৰিছে।
- Log in to post comments
- 48 views