ক'ৰ'না আতংকত মুখ্যমন্ত্ৰী সোণোৱালে বাতিল কৰিলে নিজৰ কাৰ্যসূচী,কিন্তু কি হ'ব ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ?

Pic

বিশ্বত আতংকৰ সৃষ্ট কৰা ক'ৰ'না ভাইৰাছক লৈ চিন্তিত দেশবাসী।দেশত ইতিমধ্যে ক'ৰ'নাত আক্রান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে দুজনে।প্ৰত্যেকদিনে বৃদ্ধি পাইছে আক্রান্তৰ সংখ্যা।শনিবাৰৰ দিনটোলৈকে ভাৰতত ক'ৰ'নাত আক্রান্তৰ সংখ্যা হৈছে ৮৪জন।দেশৰ স্বাস্থ্য মন্ত্ৰণালয়ে দেশবাসীক সতৰ্কতা অৱলম্বন কৰিবলৈ প্ৰতি দিনে আহ্বান জনাইছে।লগতে,দেশৰ বিভিন্ন ৰাজ্যত ক'ৰ'নাক ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰসমূহে বাতিল কৰিছে সকলো ৰাজহুৱা কাৰ্যসূচী।ইয়াৰ উপৰিও দিল্লী, মুম্বাই,বেংগালুৰু আৰু দেশৰ বহুকেইখন ৰাজ্যত কণ-কণ ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বন্ধ ঘোষণা কৰিছে চৰকাৰী-বেচৰকাৰী সকলো শিক্ষানুষ্ঠান। কিন্তু,ৰহস্যজনকভাৱে দেশৰ অন্যান্য ৰাজ্যসমূহৰ দৰে অসমৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে বিশ্বত্ৰাস ক'ৰ'নাক লৈ এতিয়াও যেন যথেষ্ট চিন্তিত নহয়,তেনে এক ছবি দেখিবলৈ পোৱা গৈছে।যি সময়ত দেশৰ অন্যান্য ৰাজ্য চৰকাৰসমূহে ভৱিষ্যত সুৰক্ষাৰ বাবে প্ৰথমে সুৰক্ষা দিছে ছাত্ৰ-ছাত্ৰীসকলক আৰু বন্ধ কৰিছে চৰকাৰী-বেচৰকাৰী সকলো শিক্ষানুষ্ঠান,কিন্তু ৰাজ্যৰ সোণোৱাল চৰকাৰে লক্ষণীয়ভাৱে এতিয়ালৈকে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা।একমাত্ৰ নিজৰ সুৰক্ষাৰ কথাহে চিন্তা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে অহা ৩১ মার্চলৈকে নিজৰ কাৰ্যসূচী বাতিলৰ কথা।পাহৰি আছে ৰাজ্যৰ ভৱিষ্যত হিচাপে বিবেচিত ছাত্ৰ-ছাত্ৰীসকলৰ কথা। আনহাতে,মুখ্যমন্ত্ৰী সোণোৱালৰ দায়িত্বহীনতাক ধিক্কাৰ জনাইছে ৰাজ্যৰ ছাত্ৰ সমাজৰ লগতে বৌদ্ধিক সমাজে।মুখ্যমন্ত্ৰীৰ এনে কাৰ্যক গৰিহণা জনাই কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সম্পাদক প্ৰাঞ্জল কলিতাই কয়-"মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব আছিল ৰাজ্যবাসীৰ কথা চিন্তা কৰা।মহামাৰী ক'ৰ'নাত যাতে ৰাজ্যবাসী আক্রান্ত নহয়, তাৰ বাবে ল'ব লাগিছিল উপযুক্ত ব্যৱস্থা।তাকে নকৰি কেৱল নিজৰ কথা চিন্তা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ সভা- সমিতিসমূহ বাতিল কৰি দায়িত্ব সামৰিছে।সোণোৱালৰ এনে কাৰ্যক গৰিহণা দিছোঁ।" "দেশৰ অন্যান্য ৰাজ্যসমূহৰ দৰে অসমৰ ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ কথা চিন্তা কৰক"-ছাত্ৰ প্ৰাঞ্জলে লগতে কয়। সোণোৱালৰ দায়িত্বহীন কাণ্ডক ধিক্কাৰ জনাই জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্তই কয়-"দেশৰ অন্যান্য ৰাজ্যসমূহত স্কুল-কলেজ বন্ধ দিয়াৰ লগতে সন্দেহজনক ঠাইসমূহত ক'ৰ'না বীজানু আছে নেকি তাৰ বাবে কৰা হৈছে পৰীক্ষা- নিৰীক্ষা।অসমত একো ব্যৱস্থা নাই।কাৰণ অসমত সকলো মানুহ মৰি যাওঁক মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়া কেৱল সুস্থ-বীজানুমুক্ত হৈ থাকিব লাগে।" "জনসাধাৰণক আওমৰনে মৰিবলৈ দি তেওঁলোক আবেষ্টনীৰ মাজত সোমাই থাকিব ক'ৰ'নাৰ ভয়ত।ছাত্ৰ-ছাত্ৰীৰ লগতে অন্যান্য অফিচ-কাছাৰীৰ মানুহৰ কি হ'ব"-মহন্তৰ প্ৰশ্ন। ভয়ংকৰ ক'ৰ'নাক লৈ ৰাজ্যৰ কণ-কণ ছাত্ৰ-ছাত্ৰীসকলৰ পিতৃ-মাতৃ তথা অভিভাৱকসকলে বিদ্যালয়লৈ নিজ সন্তানক পঠাবলৈ ভয় কৰা বুলি উল্লেখ কৰি একাংশ পিতৃ-মাতৃয়ে কয় -"মহামাৰী ক'ৰ'নাৰ পৰা সন্তানক সুৰক্ষিত কৰি ৰাখিবলৈ সাধাৰণ মাক্স এতিয়া ক্ৰয় কৰিছোঁ ১৫০-২০০টকাৰ ভিতৰত।কিন্তু কি হ'ব,এদিন বা দুদিন পিন্ধিলে বেয়া হয় মাক্সসমূহ।"

Your Comments