গুৰুতৰভাৱে অসুস্থ কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈক বুধবাৰে পুনৰ অনা হৈছে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ।কিডনী পাথৰ,গেষ্টিক আলচাৰ,খাদ্যনলীত ঘাঁ,কঁকাল বিষ,মূৰ ঘূৰণী,স্নায়ুৰ সমস্যাত গুৰুতৰভাৱে আক্রান্ত কৃষক নেতাগৰাকী গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বিগত তিনিমাহ ধৰি কাৰাৰুদ্ধ হৈ আছে।ক্ৰমাৎ স্বাস্থ্যৰ অৱনতি ঘটিছে কৃষক নেতা গগৈ।
আনহাতে,গুৰুতৰভাৱে অসুস্থ হৈ পৰা কৃষক নেতাগৰাকীক উন্নত চিকিৎসা প্ৰদান কৰাত চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰাত ৰাজ্যজুৰি আৰম্ভ হৈছে প্ৰতিবাদ।তাৰ মাজতে সমগ্ৰ বিষয়তো পাইছেগৈ ৰাষ্ট্ৰসংঘৰ মজিয়া।
ইফালে,তিনিদিন পূৰ্বে 'নিয়া'ৰ আদালতত গগৈক হাজিৰ কৰোৱাৰ সময়ত সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছিল চিকিৎসাৰ নামত ভেকো-ভাওনা চলা বুলি।তাৎপৰ্যপূৰ্ণভাৱে উল্লেখ কৰিছিল যে তেওঁক দিয়া দৰৱসমূহ খালে মৃত্যুহে হ'ব লাগিব বুলি।
- Log in to post comments
- 10 views