বুধবাৰে আনুষ্ঠানিকভাৱে সামৰণি পৰিব গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ

Pic

বহু প্ৰত্যাশিত গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন বাকী।বুধবাৰে পুৱা ৮ বজাৰ লগে লগে প্ৰচাৰ অভিযানৰ আনুষ্ঠানিকভাৱে সামৰণি পৰিব।ইফালে বহু প্ৰত্যাশিত নিৰ্বাচনক লৈ আহ্বায়ক কমিটী আৰু নিৰ্বাচনী কমিটীয়ে মঙলবাৰে যুটীয়াভাৱে সম্বোধন কৰে এখন সংবাদ মেল।গুৱাহাটী প্ৰেছ ক্লাবত সম্বোধন কৰা সংবাদ মেলত

নিৰ্বাচনী মুখ্য বিষয়া অজিত পাটোৱাৰীয়ে কয় যে আনন্দৰে সম্পূৰ্ণ হৈছে গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনৰ প্ৰস্তুতি।মুঠ দহটা পদৰ বাবে অনুষ্ঠিত হ'ব লগা নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়াইছে ৩৬ গৰাকীয়ে।ইফালে প্ৰেছ ক্লাবটোত মুঠ ভোটাৰৰ সংখ্যা হৈছে ৮১৬ গৰাকী।

আনহাতে ভোট গ্ৰহণৰ বাবে ৰাজ্যিক নিৰ্বাচনী আয়োগৰ পৰা বেলট বাকছ সংগ্ৰহ কৰা বুলি জানিবলৈ দিছে আয়োগে।

ইফালে,বৃহস্পতিবাৰে ১২ মাৰ্চৰ পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হ'ব লগা ভোটগ্ৰহণৰ বাবে বুধবাৰে বিয়লি ৩-বজাত প্ৰাৰ্থীৰ লগতে প'লিং আৰু কাউন্টিং এজেন্টৰ উপস্থিতিত বেলট পেপাৰ,বেলট বাকচ সমূহ পৰীক্ষা কৰাৰ লগতে চীল কৰা হ'ব ভোটগ্ৰহণ অনুষ্ঠিত হ'ব লগা প'লিং চেন্টাৰটো।চীল চেণ্টাৰতো ১২ মাৰ্চৰ পুৱা ৮ বজাত প্ৰাৰ্থী আৰু প'লিং এজেন্টৰ উপস্থিতিত ভোট গ্ৰহণৰ বাবে খুলি দিয়া হ'ব।এই কথা জানিবলৈ দিয়ে নিৰ্বাচনী বিষয়া পাটোৱাৰীয়ে।

ইফালে সমগ্ৰ নিৰ্বাচন প্ৰক্রিয়াতো শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে মহানগৰ আৰক্ষীয়ে প্ৰদান কৰিব সুৰক্ষা।বুধবাৰৰ আবেলিৰ পৰা ফলাফল ঘোষণা নকৰা পৰ্যন্ত আৰক্ষীৰ তত্বাৱধানত থাকিব প্ৰেছ ক্লাবতো।প্ৰেছ ক্লাবটোত নিৰ্বাচনী কমিটীয়ে নিৰ্মান কৰিছে অতিৰিক্তভাৱে প্ৰস্ৰাৱগাৰ বুলি পাটোৱাৰীয়ে লগতে কয়।

'ন্যস্ত স্বাৰ্থৰ বাবে একাংশ ব্যক্তিয়ে প্ৰেছ ক্লাবটোৰ সংবিধান তথা গণতান্ত্ৰিক প্ৰক্ৰিয়াক ভূলুণ্ঠিত কৰি নিৰ্বাচন অনুষ্ঠিত নকৰাকৈ এটা ক'লা অধ্যায়ৰ সৃষ্টি কৰিছিল।তেখেতসকলে এতিয়া আদালতত আবেদন কৰি নিৰ্বাচনী প্ৰক্ৰিয়া স্থবিৰ কৰাৰ প্ৰয়াস কৰিছে।কিন্তু আমাৰ ন্যায়পালিকাৰ ওপৰত বিশ্বাস আছে।আশা কৰিছোঁ ন্যায়পালিকাই এনে ধৰনৰ ন্যস্ত স্বাৰ্থৰ ব্যক্তিসকলৰ প্ৰত্যাহ্বান ওফৰাই দি গণতন্ত্ৰৰ বিজয় সুনিশ্চিত কৰিব'-নিৰ্বাচনী বিষয়াগৰাকীয়ে কয়।

সংবাদ মেলত নিৰ্বাচনৰ আহ্বায়ক সমিতিৰ সদস্য সুশান্ত তালুকদাৰে ১৭ বছৰে বন্ধ হৈ থকা এটা প্ৰক্ৰিয়াক ইমান খৰতকীয়াকৈ এটা সুস্থ পৰিৱেশত গঢ়ি তুলি নিৰ্বাচনৰ প্ৰস্তুতি সুচাৰুৰূপে সম্পাদন কৰি তোলাৰ বাবে ধন্যবাদ জনায় নিৰ্বাচন কমিটীক।

আনহাতে বহিস্কৃত প্ৰাক্তন সম্পাদক নৱ ঠাকুৰীয়াই আদালতৰ দ্বাৰস্থ হোৱা বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে তেওঁ আদালতৰ কাষ চাপিছে,তাত আমাৰ ক'ব লগা একো নাই।কিন্তু এটা কথা বোধগম্য হোৱা নাই,তেখেতে সকলো কথাৰ শলাগ লৈ আকৌ কিয় নিৰ্বাচনৰ বন্ধ কৰাৰ বাবে আদালতৰ কাষ চাপিছে।

'ন্যস্ত স্বাৰ্থত নিৰ্বাচনত হেঙাৰ সৃষ্টি  কৰাৰ উদ্দেশ্যেৰে আদালতৰ কাষ চাপিছে কিছু ব্যক্তি।কিন্তু মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ গণতন্ত্ৰৰ স্বাৰ্থত ন্যায়পালিকাই গণতন্ত্ৰৰ  শবিৰোধী বিচাৰ নিদিয়ে। আদালতত তেনে আবেদন খাৰিজ হোৱাৰ সম্ভাৱনাই অধিক'-এই কথা জানিবলৈ দিয়ে নিৰ্বাচনৰ ৰিটাৰ্নিং বিষয়া বিজন কুমাৰ মহাজনে।

Your Comments