চীনত আৰম্ভণি হোৱা মাৰাত্মক ক'ৰ'না ভাইৰাছে আতংক সৃষ্টি কৰিছে এতিয়া সমগ্ৰ বিশ্বত।ভয়াৱহ ৰূপ ধাৰণ কৰা কৰ'না বিশ্বৰ ১৯৫খন ৰাষ্ট্ৰৰ ভিতৰৰ বৰ্তমান ১০৩খন দেশলৈ বিয়পিল।কৰ'নাৰ মানচিত্ৰত শেহতীয়াভাৱে অনুসৰি বাংলাদেশ, মালদ্বীপ, কলম্বিয়া অন্তৰ্ভুক্ত হৈছে।মুঠৰ ওপৰত ক্ৰমাৎ সমগ্ৰ বিশ্বলৈ বিয়পিছে ক'ৰ'না ভাইৰাছ।
আনহাতে,বিশ্ব স্বাস্থ্য সন্থাই প্ৰকাশ কৰা তথ্য অনুসৰি এই পৰ্যন্ত বিশ্বত এক লাখৰো অধিক লোক ক'ৰ'নাত আক্রান্ত হৈছে।তাৰে তিনি হাজাৰ পাঁঁচশতকৈ অধিক আক্রান্তৰ মৃত্যু হৈছে।
ইফালে,ভাৰতত বৰ্তমান সময়লৈকে প্ৰায় ৩৯জন ব্যক্তি ক'ৰ'নাত আক্রান্ত হৈছে।আক্রান্ত ২৩জন ভাৰতীয় হোৱাৰ বিপৰীতে ১৬গৰাকী বিদেশী নাগৰিক।ৰাজ্য হিচাপে কেৰেলাত সৰ্বাধিক পাঁচ গৰাকী আক্রান্ত হৈছে।ইয়াৰ তিনিগৰাকী সুস্থ হোৱাত চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে।
- Log in to post comments
- 40 views