ৰাইজৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ স্বাস্থ্যৰ উন্নতি।বিগত ১০টাকৈ দিন নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ থকা শিল্পীগৰাকী আজি ঘৰলৈ আহিব।ইতিমধ্যে চিকিৎসালয় কৰ্তৃপক্ষই শিল্পী জুবিনক ৰিলিজ দিয়াৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।উল্লেখ্য যে যোৱা ২৮ ফেব্ৰুৱাৰীত গুৱাহাটী টাউন ক্লাবত অনুৰাগ শইকীয়াৰ 'প্ৰজেক্ট বৰগীত'ৰ প্ৰথমটো গীত মুকলিৰ অনুষ্ঠানত উপস্থিত থকাৰ সময়তে গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল শিল্পী জুবিন।তাৰ পিচতে ততাতৈয়াকৈ জুবিনক ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী নেমকেয়াৰ চিকিৎসালয়ত।ভৰ্তি কৰোৱা দিনৰ পৰা ৬ টাকৈ দিন অসুস্থ শিল্পীগৰাকীক আইচিইউত ৰখাৰ পিছত যোৱা চাৰিটা দিন ৰখা হৈছিল কেবিনত।মুঠ দহটাকৈ দিন হাস্পতালখনৰ ১২গৰাকী জ্যেষ্ঠ চিকিৎসকৰ তত্বাৱধানত শিল্পীগৰাকী বৰ্তমান সম্পূৰ্ণ সুস্থ। আনহাতে,শিল্পীগৰাকীক আইচিইউৰ পৰা কেবিনত ৰখাৰ পিছত চিকিৎসালয়ৰ তৰফৰ পৰা জুবিনক কেবিনত ব্যৱস্থা কৰি দিছিল বিশেষ ষ্টুডিঅ'ৰ।কাৰণ, চিকিৎসকৰ মতে জুবিন সুস্থ হৈ উঠাত সংগীতেই মূল ঔষধৰ কাম কৰিব। গুৰুত্বপূৰ্ণ কথা এই যে সুস্থ জুবিনক ৰিলিজ দিয়াৰ প্ৰাকমুহূৰ্তত চিকিৎসকে চিকিৎসকে স্বাস্থ্য প্ৰতি গুৰুত্ব দিবলৈ অনুৰোধ জনাইছে।
- Log in to post comments
- 11 views