'নিয়া'ৰ আদালতত অখিল গগৈ:শক্তিশালী গণ আন্দোলনৰ বাবে সকলো জাতীয় দল-সংগঠনক ঐক্যবদ্ধ হ'বলৈ আহ্বান জনালে বিশেষ পত্ৰযোগে

Pic

'নিয়া'ৰ আদালতত শনিবাৰে অখিল গগৈক সাক্ষাৎ কৰে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সভাপতি ৰুবুল দাসে।গুৰুতৰভাৱে অসুস্থ গগৈক সাক্ষাৎ কৰি চৰকাৰে অখিল গগৈৰ চিকিৎসাৰ নামত হেতালি খেলা বুলি দাসে গুৰুতৰ অভিযোগ উত্থাপন কৰে ।তেওঁ চৰকাৰক দাবী জনায় কয়-"চিকিৎসাৰ বাবে কাৰাৰুদ্ধ গগৈক বাৰে বাৰে জিএমচিএইছলৈ অনা- নিয়া কৰি থকাৰ পৰিৱৰ্তে চিকিৎসালয়ত ভৰ্তি কৰাই উন্নত মানৰ চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।অন্যথা,ঘটিব পাৰে অবাঞ্চিত ঘটনা।" অসুস্থ সংগ্রামী নেতা অখিল গগৈ সাংঘাটিক লভাৱে দুৰ্বল হৈ পৰা বুলি উল্লেখ কৰি দাসে কয়-"নিয়াৰ আদালতৰ বাহিৰত কেইবাবাৰো অসুস্থ মানুহজন পৰি যাবলৈ ধৰিছিল।স্থিৰেৰে ৰৈ থাকিব পৰা নাছিল গগৈ।আনকি দুৰ্বলতাৰ বাবে হাতেৰে ভালদৰে নিজৰ চহীটোকে কৰিব পৰা নাই অখিলে।" অসমীয়া জাতিৰ হত্যাকাৰী বিজেপি দলৰ চৰকাৰক উৎখাত কৰাৰ বাবে শীঘ্ৰেই কৃষক নেতা অখিল গগৈক বিকল্প ৰাজনৈতিক দল গঠন কৰি নেতৃত্ব দিবলৈ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ হৈ দাসে আহ্বান জনোৱা বুলি প্ৰকাশ কৰে। ইফালে,'কা' বিৰোধী আন্দোলন তীব্রতৰ কৰাৰ লগতে ধাৰাবাহিকভাৱে চলাই নিবলৈ সকলো জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতৃবৰ্গক ঐক্যবদ্ধভাৱে ৰাজপথত নামিবলৈ কাৰাৰুদ্ধ গগৈয়ে আহ্বান জনাইছে। গুৰুত্বপূৰ্ণ কথা এই যে 'নিয়া'ৰ আদালতত গগৈক হাজিৰ কৰোৱাৰ সময়ত অসমৰ জাতীয় সংগঠনলৈ এক বিশেষ পত্ৰ প্ৰেৰণ কৰিছে।পত্ৰত গগৈয়ে স্পষ্টকৈ উল্লেখ কৰিছে 'কা'ৰ বিৰুদ্ধে শক্তিশালী আন্দোলনৰ প্ৰয়োজনীয়তাৰ কথা।পত্ৰৰ আৰম্ভণিতে তেওঁ উল্লেখ কৰিছে-"মই শাৰীৰিক অসুস্থতাৰ মাজত আছোঁ।লগতে,মোক মানসিক উদ্বিগ্নতায়ো পীড়া দি আছে।তাৰ কাৰণ হ'ল অসমবাসীৰ আন্দোলন দিনে-দিনে দুৰ্বল আৰু শক্তিহীন হৈ অহাতো।"

Your Comments