গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত বিগত এসপ্তাহ ধৰি গুৰুতৰভাৱে অসুস্থ হৈ থকা অখিল গগৈক স্বাস্থ্য পৰীক্ষাৰ কৰা বাবে শুকুৰবাৰে অনা হয় গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ।পুৱা ৯.৩০বজাত জেল কৰ্তৃপক্ষই চিকিৎসাৰ বাবে গগৈক লৈ আনে হাস্পতাললৈ।উল্লেখ যে কাৰাগাৰৰ ভিতৰত পুনৰ গুৰুতৰভাৱে অসুস্থ হৈ পৰাৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা গগৈক অনা হয় চিকিৎসাৰ বাবে। অসুস্থ কৃষক নেতাগৰাকীক চিকিৎসালয়লৈ অনাৰ সময়ত সাক্ষাৎ কৰাৰ বাবে চিকিৎসালয়ত উপস্থিত হয় শিল্পী মানস ৰবীন, 'স্বৰাজ অসম'ৰ আহ্বায়ক ভৱেন সন্দিকৈ,কৃষক মুক্তি সংগ্রাম সমিতিৰ সভাপতি ভাস্ক'ডি শইকীয়াকে ধৰি অন্য সতীৰ্থসকল। কৃষক নেতাগৰাকীক সাক্ষাৎ কৰি শিল্পী মানস ৰবীনে কয়-"গগৈৰ কিডনীত পাথৰ হোৱা ধৰা পৰিছে।চিটী স্কেন কৰিলে ধৰা পৰিব উপস্থিতি ধৰা পৰিব।যাৰ হয় কেৱল তেওঁ অনুভৱ কৰিব পাৰিব কিমান বিষ হয়।" ইয়াৰ উপৰিও কৃষক নেতাগৰাকীৰ গেষ্টিক আলছাৰৰ বাবে আৰু খাদ্যনলীত ঘাঁঁ লাগিছে।যাৰ বাবে খোৱা-বোৱাত গগৈ অসুবিধা হৈছে বুলি কয় শিল্পী মানস ৰবীনে। আনহাতে,চিকিৎসালয়ৰ অসুস্থ গগৈক পুনৰ প্ৰেৰণ কৰা হয় কাৰাগাৰলৈ।এই কথাত ক্ষুব্ধ হৈ পৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকল তথা ৰাজ্যৰ সচেতন ৰাইজ।অখিল গগৈ ইমান গুৰুতৰভাৱে অসুস্থ হোৱাৰ পিছতো ভৰ্তি নকৰি কাৰাগাৰলৈ লৈ যোৱাটো চৰকাৰে নিৰ্যাতন চলোৱাৰ নিদৰ্শন বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। উল্লেখ্য যে 'নিয়া'ৰ আদালতে প্ৰয়োজন সাপেক্ষে উন্নত চিকিৎসালয়ত গগৈক চিকিৎসা কৰাবলৈ বৃহস্পতিবাৰে নিৰ্দেশ দিছিল।
- Log in to post comments
- 389 views