গুৰুতৰভাৱে অসুস্থ স্বামী কৃষক নেতা অখিল গগৈক কাৰাগাৰত সাক্ষাৎ কৰিবলৈ আহি আৱেগিক হৈ পৰিল পত্নী গীতাশ্ৰী তামুলী। যোৱা চাৰিদিন ধৰি বিছনাৰ পৰা উঠিব নোৱাৰা গগৈক সাক্ষাৎ কৰিবলৈ মঙলবাৰে দিনৰ ১.৪৫ বজাত গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত প্ৰৱেশ কৰিছিল তেওঁ। প্ৰায় ৪৫ মিনিট স্বামীৰ বাবে অপেক্ষা কৰাৰ পিছতো ৰোগীয়া স্বামী অখিলে লগ কৰিব নোৱাৰিলে পত্নী গীতাশ্ৰীক।
ইফালে, কাৰাগাৰৰ বাহিৰলৈ ওলাই আহি পত্নী গীতাশ্ৰীয়ে সংবাদ মাধ্যমৰ আগত আৱেগিক হৈ কয়- "মই কি কম, লগ ধৰিব আহিছিলোঁহে, ওলাই আহিবই নোৱাৰিলে তেওঁ, গা বেয়া বুলি কৈছে।"
"শনিবাৰে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত দেখা কৰিছিলোঁ, তাৰ পিছৰ পৰাতো তেওঁক মই দেখাই নাই।আইনৰ মতে যি হয়, তাকে হ'ব-মই একো নকওঁ"-আৱেগিক হৈ পত্নী গীতাশ্ৰীয়ে কয়।
উল্লেখ্য যে পেটবিষ,জ্বৰ আৰু কঁকাল বিষত গুৰুতৰভাৱে আক্রান্ত হৈ হোৱা শনিবাৰৰ পৰা অখিল গগৈ বিচনাৰ পৰা উঠিব পৰা নাই।
- Log in to post comments
- 272 views